1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 5:26 am

প্ৰাক্তন প্ৰেমিকক সপোনত দেখে নেকি! জানি লওঁক কিয় দেখে এনে সপোন…

  • Update Time : Friday, September 30, 2022

ডিজিটেল ডেস্কঃ  আপুনিও ছাগে প্ৰায়েই সপোন দেখে। কিন্তু আপুনি সপোনত কেতিয়াবা প্ৰাক্তন প্ৰেমিক বা প্ৰেমিকাক দেখে নেকি! যদিহে দেখে তেন্তে ই আপোনাৰ বাস্তৱ জীৱনত বিশেষ প্ৰভাৱ পেলাব। ইয়াৰ আঁৰত আছে কেইবাটাও কাৰন। যদিহে সপোনত আপুনি প্ৰাক্তন প্ৰেমিক বা প্ৰেমিকাক দেখা পায় তেন্তে আপোনাৰ বাস্তৱ জীৱনত ঘটিব পাৰে এনে ঘটনা।

সপোনত যদিহে  প্ৰাক্তন প্ৰেমিকক দেখে তেন্তে ইয়াৰ কাৰন হৈছে আপুনি হয়তো এই সম্পৰ্কটোৰ পৰা এতিয়া ১০০শতাংশ ওলাই আহিব পৰা নাই।এই সম্পৰ্কটোক পুনৰ এবাৰ সুযোগ দিয়াৰ কথা আপুনি ভাৱি আছে। কিন্তু এনে সুযোগৰ পৰা আপুনি পুনৰ প্ৰেমত প্ৰতাৰণা হোৱাৰো ১০০শতাংশ আশংকা থাকে কিয়নো এই সম্পৰ্কটো কেতিয়াও আগৰ দৰে মজবুত নহয়।

ইফালে প্ৰাক্তন প্ৰেমিক বা প্ৰেমিকাক সপোনত দেখা পোৱাৰ আনটো কাৰন হৈছে, আপুনি পুৰণিক পাহৰি এক নতুন জীৱন আৰম্ভ কৰিব বিচাৰিছে।  প্ৰাক্তন প্ৰেমিকক সপোনত দেখা কথাটোৱেই বুজায় যে আপুনি পূৰ্বৰ সম্পৰ্কক লৈ অশান্তিত আছে আৰু এই সম্পৰ্কৰ পৰা ওলাই আহিবলৈ আপুনি মানসিকভাৱে সংঘৰ্ষ কৰি আছে।

এতিয়া কথা হল, যদিহে আপুনি বৰ্তমানৰ প্ৰেমিক বা প্ৰেমিকাক যদি সপোনত দেখা পায় তেন্তে ই অতিকৈ ভাল। এনে সপোন দেখা মানে বুজায় যে, আপোনালোকৰ মাজৰ সম্পৰ্ক যথেষ্ট মজবুত আৰু এই সম্পৰ্ক বিবাহৰ ফালে ঢাল খাইছে।

 

 

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme