ডিজিটেল ডেস্কঃ ড০ হীৰেন গোহাঁয়ে আগন্তুক সময়ত কংগ্ৰেছৰ চৰকাৰ হব বুলি কোৱাৰ পাছতে এতিয়া বিভিন্ন জনে তীব্ৰ কটাক্ষ কৰিছে বিশিষ্ট বুদ্ধিজীৱিগৰাকীক। উল্লেখ কৰা প্ৰয়োজন যে, ভাৰত জোডো় যাত্ৰাত অংশ লৈ গোহাঁয়ে কংগ্ৰেছক পুনৰ এবাৰ সুযোগ দিবলৈ আহ্বান জনাইছিল।
গোহাঁইৰ এই আহ্বানৰ পাছতে সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই এইবাৰ দিলে প্ৰত্যুত্তৰ। মাৰ্ঘেৰিটাই কয়- বাকী অন্য দিশত গোহাঁই দেৱক আমি সম্পূৰ্ণৰূপে মানো যদিও ৰাজনৈতিক ভাৱে তেওঁৰ ধাৰণা সদায়েই ১০০শতাংশ অশুদ্ধ হয়। গতিকে তেওঁৰ এই ভাষ্যক ৰাজনৈতিকভাৱে গুৰুত্ব সহকাৰে লোৱাৰ কোৱো থল নাই। ইয়াৰ পূৰ্বেও তেওঁৰ বহু ৰাজনৈতিক সমীকৰণ অশুদ্ধ হৈছে।
উল্লেখ কৰা প্ৰয়োজন যে, ড০ হীৰেন গোহাঁইক সামাজিক মাধ্যমতো একাংশই তীব্ৰ সমালোচনা কৰিছে।