ডিজিটেল ডেস্কঃ ধুনীয়া হৈ থাকিবলৈ কোনেনো নিবিচাৰে, সকলোৱে বিচাৰে। বিয়া, বাৰ্থ ডে পাৰ্টি সকলোতে আজিকালি মেকআপ যেন এৰাব নোৱাৰা অংগ। শেহতীয়াকৈ মেকআপৰ ব্যৱহাৰ যথেষ্ট বৃদ্ধি পাইছে । ইয়াৰ লগে লগে বহু যুৱক-যুৱতীয়ে এই ক্ষেত্ৰখনত লাভ কৰিছে সংস্থাপন।
কিন্তু শেহতীয়াকৈ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এটা বিশেষ ভিডিঅ। এই ভিডিঅটো লক্ষাধিক নেটিজেনে শ্বেয়াৰ কৰিছে আৰু সকলোৱে মেকআপৰ জোৰত এগৰাকী যুৱতী কেনেকৈ সুন্দৰ হৈ থাকে সেই কথা সকলোৱে স্বীকাৰ কৰিছে।
https://www.facebook.com/watch/?v=405758833675262
ভিডিঅটো কৰ জানিব পৰা হোৱা নাই যদিও এগৰাকী কইনা দৰা ঘৰলৈ আহি থাকোতে কৰা এই ভিডিঅটোক লৈ তীব্ৰ চৰ্চা আৰম্ভ হৈছে। কান্দি কান্দি কইনা যেতিয়া লালকাল হৈ টোপনি যায়, সেই সময়ত দৰাই চকুপানী মচি দিওতে ওলাই পৰে কইনাৰ আঁচল চেহেৰা। ভিডিঅটো চোৱাৰ পাছত সকলো নেটিজেনে কৈছে- ছোৱালীক এনেই কোনা নহয় ৰহস্যৰে ভৰপূৰ বুলি…