1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:42 am

বিশ্বাস কৰক, মই এটোপালো মদ খোৱা নাছিলো…

  • Update Time : Saturday, March 11, 2023
ডিজিটেল ডেস্কঃ নলবাৰীৰ এখন বিয়াক লৈ শেহতীয়াকৈ তীব্ৰ চৰ্চা হৈছে। অভিযোগ অনুসৰি মদ খাই হোমৰ গুৰিত বহি থাকিব নোৱাৰি শুই পৰিছিল দৰা প্ৰসেনজিত হালৈ। দৰাৰ এই ৰূপ দেখি কইনাই নিজে বিয়া নবহো বুলি সিদ্ধান্ত লৈছিল। এই ঘটনাৰ পাছতে এতিয়া দৰাই নিজৰ মত ব্যক্ত কৰিছে আৰু মদ খোৱা নাই বুলি দাবী কৰিছে। লগতে দৰাই কৈছে যে, দিনৰ পৰাই তেওঁৰ স্বাস্থ্য বেয়া আছিল যাৰ বাবে তেওঁ হোমৰ গুৰিতে শুই পৰিছিল।
ইফালে এই সমগ্ৰ কাণ্ড সংঘটিত হোৱাৰ পাছত মুখ খুলিলে দৰাৰ মাতৃয়ে।  দৰাৰ মাতৃৰ ভাব- ‘ছোৱালীৰ নিশ্চয় ক’ৰবাত কিবা আছে আৰু মদ খালেও প্ৰসেনজিতৰ লগতেই বিয়া হ’ম বুলি ক’ব লাগিছিল কইনাই। মাতৃয়ে লগতে কয়- ৰাণীৰ দৰে ন কইনাক ঘৰলৈ অনাৰ সপোন দেখিছিল দৰাৰ মাতৃয়ে, কিন্তু সেই সপোন থান-বান হৈ গল। আনহাতে, বিয়াৰ নিশা কইনাঘৰত দৰাক অত্যাচাৰ চলোৱাৰ বিস্ফোৰক অভিযোগ মাতৃৰ। মাতৃৰ অভিযোগ অনুসৰি, কইনাৰ পিতৃয়ে দুই চৰ শোধাইছিল দৰাজনক।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme