1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 3, 2024, 1:34 pm
Trending:
ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে? ঔষধী গুণ সম্পন্ন মধুৰীৰ লগতে মধুৰীৰ পাতেও ভাল কৰিব পাৰে ভিন্ন ৰোগ! মছন্দৰীৰ গুণাগুণ সম্পৰ্কে জানেনে আপুনি? যদি নাজানে এই প্ৰতিবেদন আপোনাৰ বাবে! ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল!

শ্বাহৰুখৰ ‘Dunki’-ত আছে কি?

  • Update Time : Thursday, December 21, 2023

বহু অপেক্ষাৰ অন্তত কিং খান অভিনীত ২০২৩ বৰ্ষৰ তৃতীয় খন ছবি ‘‘ডাংকি’’ বৃহস্পতিবাৰে শুভ মুক্তি লাভ কৰিলে। এই বছৰ ‘পাথান’ আৰু ‘জৱান’ৰ পিছত পুনৰ এজন সৈনিকৰ চৰিত্ৰত অভিনয় কৰা দেখা গৈছে শ্বাহৰুখক৷ ছবিখনৰ প্ৰযোজক ৰাজকুমাৰ হিৰানী৷ প্ৰথমবাৰৰ বাবে ৰাজকুমাৰ হিৰানীৰ পৰিচালনাত ডাংকিত অভিনয় কৰিছে শ্বাহৰুখ খানে। প্ৰায় ৫ বছৰৰ ব্যৱধানৰ অন্তত শ্বাহৰুখ খানৰ সৈতে প্ৰথমখন ছবিৰে পুনৰ চিনেমা জগতলৈ উভতি আহিছে পৰিচালক ৰাজকুমাৰ হিৰাণীয়ে। ইয়াৰ পূৰ্বে মুন্নাভাই MBBS, থ্ৰী ইডিয়েটছ, পি কে, সঞ্জু ইত্যাদি বোলছবিৰে বক্স অভিচত খলকনি সৃষ্টি কৰিবলৈ সক্ষম হৈছিল পৰিচালক ৰাজকুমাৰ হিৰানী। মুক্তিৰ পূৰ্বেই ডাংকি বোলছবিখনৰ নামটোক লৈ বিভিন্ন মহলত কৌতুহল দেখিবলৈ পোৱা গৈছিল৷ দৰাচলতে ‘‘Dunki route’’ হৈছে সমগ্ৰ বিশ্বৰ সীমান্ত পাৰ হৈ নিজৰ দেশৰ পৰা ওলাই আহিবলৈ ব্যৱহাৰ কৰা এক অবৈধ ভ্ৰমণ। বিশ্বৰ ভিন্ন প্ৰান্তত ইয়াক ‘‘গাধ ভ্ৰমণ’’ বুলিও কোৱা হয়। ডাংকি হৈছে এক বিপজ্জনক যাত্ৰা। ছবিখনত পঞ্জাৱৰ এখন গাঁৱৰ চাৰিগৰাকী বন্ধুৰ এটা উমৈহতীয়া সপোন: ইংলেণ্ডলৈ যোৱা। পিছে তেওঁলোকৰ সমস্যাটো হ’ল তেওঁলোকৰ হাতত ভিছাও নাই, টিকটও নাই। এনেদৰেই আগবাঢ়ে কাহিনীভাগ৷ পৰৱৰ্তী সময়ত এগৰাকী সৈনিকে তেওঁলোকক সপোনৰ দেশলৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে। সীমান্ত, বন্ধুত্ব, ঘৰৰ প্ৰতি নষ্টালজিয়া, আৰু সকলোতকৈ ওপৰত টাৱাৰ হোৱা প্ৰেমৰ এক হাস্যৰসময়ী আৰু হৃদয়স্পৰ্শীৰ এক কাহিনী। ১৯৯৫ চনৰ এই কাহিনী পঞ্জাৱৰ লালটু। উপস্থিত হয় সেনা বিষয়া হৰদয়াল সিং ধিলন ওৰফে হাৰ্ডি (শ্বাহৰুখ খান) নিজৰ প্ৰাণ ৰক্ষা কৰা মহেন্দৰক লগ কৰিবলৈ। ঘৰত উপস্থিত হৈ গম পায় মহেন্দৰ আৰু নাই। হাৰ্ডীক বচাবলৈ গৈ ক্ৰীড়াত সোণালী সুযোগ হেৰুৱা মহেন্দৰে আৰু তাৰ পিছত দুৰ্ঘটনাত মৃত্যুবৰণ কৰে। হাৰ্ডিয়ে মহেন্দৰৰ পৰিয়ালক সহায় কৰাৰ দায়িত্ব নিজৰ ওপৰত লয়। মহেন্দৰৰ ভগ্নী মনু (তাপসী পান্নু)য়ে হাৰ্ডিক মল্লযুঁজত সহায় কৰিবলৈ কয়। কাৰণ তাই ব্ৰিটেইনলৈ গৈ ঋণ নিদিয়াৰ বাবে দেউতাকে হেৰুৱা ঘৰটো উপাৰ্জন কৰি ঘূৰাই পাব বিচাৰে। এজন এজেণ্টে তাইক আশ্বাস দিছে যে তাইক স্প’ৰ্টছ ভিছাত পঠিয়াব পাৰি আৰু সেয়েহে, তাই এটা খেলৰ মৌলিক কৌশল শিকিব বিচাৰে। হাৰ্ডিয়ে তাইক মল্লযুঁজ শিকাই। অৱশ্যে এজেণ্টজনে মনু, বল্লী কক্কদ (অনিল গ্ৰ’ভাৰ), বুগ্গু লখানপাল (বিক্ৰম কোছাৰ) আদিৰ পৰা ধন দখল কৰি পলাই যায়। আন কোনো বিকল্প নোহোৱাকৈ মনু, বল্লী আৰু বুগ্গুৱে সহায়ৰ বাবে গীতু গুলাটি (বোমান ইৰানী)ৰ কাষ চাপে। তেওঁ ইংৰাজী ভাষী প্ৰতিষ্ঠান চলায় আৰু আই ই এল টি এছ পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ চেষ্টা কৰাসকলক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। পিছে, ইয়াৰ পিছত কাহিনীত কি হয়, তাৰবাবে আপুনি ছবিখন উপভোগ কৰিবলৈ যাব লাগিব বোলছবিগৃহলৈ৷ কিন্তু বৰ্তমান পৰিচালক ৰাজকুমাৰ হিৰানী আৰু শ্বাহৰুখ খান অভিনীত বোলছবি ‘ডাংকী’য়ে ছবিগৃহত কি যাদু দেখুওৱাই সেয়াহে হ’ব লক্ষণীয়৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme