কাৰেন্ট টেণ্ড আসামৰ বিশেষ প্ৰতিবেদন
সৰস্বতী পূজা দিনাৰ কথা। ডিম্পুয়ে বাইকখন লৈ নলবাৰীৰ পৰা গুৱাহাটীলৈ আহিছে। তেওঁৰ লক্ষ্য হৈছে গুৱাহাটীৰ কেইখনমান শিক্ষানুষ্ঠানলৈ যাব আৰু ভিডিঅ’ প্ৰস্তুত কৰিব। সেই সূত্ৰে ডিম্পুয়ে গুৱাহাটীৰে এগৰাকী যুৱতীৰ সৈতে সকলো শিক্ষানুষ্ঠান ঘূৰাৰ সিদ্ধান্ত ল’লে। আৰু তাৰ পিছৰখিনি ক’ত, কি কি হ’ল, সেয়া ছাগে আপুনিও ডিম্পুৰ সৰস্বতী পূজা বিশেষ ভিডিঅটোত চাইছে। কাৰন অসমত ডিম্পুৰ ভিডিঅ প্ৰায় সকলো লোকেই চায়।
সকলো ঠিকে আছিল। স্বভাৱসূলভ কথা আৰু ব্যৱহাৰৰ বাবে ডিম্পুক সকলোৱে ভাল পায়। য’লৈকে গৈছে তাতেই সকলোৱে ছেলফি লৈছে ডিম্পুৰ সৈতে। কেতিয়াবা লগত আৰু কেতিয়াবা ভিৰৰ মাজত হেৰাই গৈছে সেই ডিম্পুৰ লগত যোৱা সেই যুৱতীগৰাকী। এনেকৈয়ে সৰস্বতী পূজাৰ সেই বিশেষ দিনটো পাৰ কৰিলে ডিম্পুয়ে।
শেহতীয়াকৈ ডিম্পুৰ সেই ভিডিঅটো ইউটিউবত আহিল আৰু তাৰ পাছতে লক্ষ্য কৰা হল এটা বিশেষ কথা। কথাটো হৈছে, সৰস্বতী পূজাৰ দিনটোত গোটেই গুৱাহাটীখনৰ প্ৰান্তে প্ৰান্তে আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছিল। দুটা হেলমেট পৰিধান নকৰা সকলোকে আৰক্ষীয়ে ৰখাই লৈ ফাইন ভৰোৱাইছিল। টিভিতো তেনে বহু ঘটনা লাইভ হৈছিল। কিন্তু উক্ত দিনটোত সমগ্ৰ গুৱাহাটীখনত ডিম্পুয়ে পিছফালে উঠাই লৈ ফুৰা যুৱতীগৰাকীক পৰিধান কৰোৱা নাছিল হেলমেট। সন্দিকৈৰ পৰা কৰ্মাছৰ লৈকে এনেকৈয়ে আইন ভংগ কৰি ডিম্পু বুকু ফিন্দাই ঘূৰি ফুৰিছিল।
এতিয়া কথা হ’ল, উক্ত দিনটোত গুৱাহাটী আৰক্ষীৰ চকুত কিয় নপৰিল ডিম্পু। যদিহে পৰিছিল, ডিম্পুয়ে উক্ত দিনটোত ফাইন ভৰিছিল নেকি। যদিহে ফাইন ভৰিছিল, ডিম্পুৰ ভিডিঅ চোৱা লাখ লাখ দৰ্শকক ডিম্পুয়ে কিয় সজাগ কৰি নিদিলে যে এনেদৰে বাইকত ঘূৰাটো আইন ভংগ কৰা এটা কাম। কথাটো বহুতে লক্ষ্য নকৰিলেও বহুতে কিন্তু এই কথাটো লক্ষ্য কৰিছে। জনপ্ৰিয় ইউটিউবাৰ হোৱাৰ বাবেই আইন ভংগ কৰাৰ দেখিও একো নকলে নেকি মহানগৰ আৰক্ষীয়ে!
মিলিয়ন মিলিয়ন অনুৰাগী থকা ডিম্পুয়ে কিছুমান কথাত সাৱধান আৰু সজাগ হোৱা উচিত বুলি একাংশই কৈছে। কিয়নো ডিম্পুৰ ভিডিঅ বহু লোকে চায় আৰু সেই ভিডিঅবোৰত যাতে আইন ভংগকাৰী কিছু বাৰ্তা যায়, সেয়া কোনেও আশা নকৰে।