ডিজিটেল ডেস্কঃ ৰাজ্যৰ এগৰাকী জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাৰ এটা ভিডিঅই শেহতীয়াকৈ বিশেষ চৰ্চা লাভ কৰিছে। শেহতীয়াকৈ ৭গৰাকীকৈ ছাত্ৰই মদৰ বাবেই প্ৰাণ হেৰুৱাবলগীয়া হোৱা শোকাৱহ ঘটনাৰ পাছতে আমাৰ দেশ তথা ৰাজ্যৰ মদক লৈ মানুহৰ মাজত থকা ধাৰণাৰ সন্দৰ্ভত ডিম্পুয়ে প্ৰস্তুত কৰিছে এই ভিডিঅটো।
ভিডিঅটোত ডিম্পুয়ে আক্ষেপেৰে কৈছে যে, অসম তথা ভাৰতৰ মানুহে মদ খাব নাজানে। প্ৰয়োজনকৈ বেছি আৰু কেৱল নিচা কৰিবৰ বাবে মদ খোৱাৰ বাবেই আমাৰ দেশৰ মানুহৰ বহু ক্ষতি হয়। মদৰ বাবেই আমাৰ ভাৰতত বছৰি ৫০হাজাৰৰো অধিক লোকৰ দুৰ্ঘটনা হয় আৰু এই তথ্য অতিকৈ চিন্তনীয়।”
ইউটিউবাৰগৰাকীয়ে লগতে কয়-বাহিৰৰ দেশত আমাৰ নিচিনাকৈ মদ নাখায়। তেওঁলোকে কেৱল নিচাৰ বাবে মদ নাখায়। বাহিৰত পৰিয়ালৰ সকলোৱে বহি এটা পৰিমাণত মদ খায় আৰু তেনেকৈ খালে কাৰোৰেই ক্ষতি নহয়। কিন্তু আমাৰ অসমত দুই তিনিটা লৰা লগ হৈ বাহঁৰ তল, কচুৰ তলে বহি হাফ বা ফুল এটা শেষ কৰি দিয়ে। আৰু ফিটিং হৈ পৰি থাকে। এই হাফ বা ফুলৰ ধাৰণাতো কেৱল আমাৰ দেশতহে আছে বাহিৰৰ দেশত নাই।
ডিম্পুয়ে লগতে আমাৰ সমাজ ব্যৱস্থাকো তীব্ৰ কটাক্ষ কৰে। মদ খালেই যে বেয়া সেই ধাৰণাটোৰ কিছু পৰিৱৰ্তনৰ পোষকতা কৰে ডিম্পুয়ে। তেওঁ কয়- এক নিৰ্দিষ্ট পৰিমাণত মদ খালে কাৰোৰেই ক্ষতি নহয়। বাহিৰৰ দেশত এটা মদৰ বটল আনি বহু দিন খায় আৰু ধুনীয়াকৈ সজাই থৈ দিয়ে। কিন্তু আমাৰ ইয়াত তেনেকৈ মদ সজাই থোৱা দেখিলে মদাহী বুলিহে কয়।
মদাহীৰ বৰ্ধিত সংখ্যাক লৈ ডিম্পুয়ে চৰকাৰকো প্ৰয়োজনীয়া নীতি গ্ৰহণ কৰিবলৈ আহ্বান জনায়। কেৱল ৰাজহৰ স্বাৰ্থতেই মদৰ দোকান দিবলৈ অনুমতি দিয়া কাৰ্যকো সমালোচনা কৰে ডিম্পু বৰুৱাই।
ডিম্পুৰ ভিডিঅটো চাবলৈ ক্লিক কৰক ইয়াতঃ https://fb.watch/kUb1oNCKK3/