1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 5:01 am

এইবেলি বহাগত ডিম্পুৰ বিয়া!

  • Update Time : Saturday, December 10, 2022

 ডিজিটেল ডেস্কঃ  এতিয়া বিয়াৰ বতৰ। বহুতৰ  বিয়া হৈছে এই দিনকেইটাত। বহু বছৰৰ পৰা প্ৰেমৰ সম্পৰ্কত থকা বহুজনে এই বতৰতে নিজৰ প্ৰেমক দিছে স্বীকৃতি। বিয়াৰ এনে বতৰতে চৰ্চালৈ আহিছে অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা। ছচিয়েল মিডিয়াত চৰ্চা চলিছে যে, ডিম্পু বৰুৱা হেনো অচিৰেই আৱদ্ধ হব বিবাহপাশত। বহাগতে এই খবৰ ৰাজহুৱা কৰিব বুলিও একাংশই কব বিচাৰে। এই বিষয়টোক লৈ ডিম্পু বৰুৱাই এতিয়ালৈকে মুখ খোলা নাই যদিও বহুতে এয়া অপ্ৰচাৰ বুলিয়ে কব খোজে।

এতিয়া কথা হল, ডিম্পু বৰুৱাৰ কইনাৰ সন্দৰ্ভতো হৈছে চৰ্চা। এগৰাকী ইউটিউবাৰৰ সৈতে বহুদিনৰে পৰা প্ৰেমৰ সম্পৰ্কত থকা বুলিও চৰ্চা হৈছে। ছচিয়েল মিডিয়াত চলা চৰ্চা অনুসৰি, এগৰাকী ইউটিউবাৰৰ সৈতে বিয়াৰ কথা ভাৱিছে ডিম্পুয়ে।  ইউটিউবৰ জগতখনত এই ইউটিউবাৰগৰাকীক চিনাকি কৰাই দিয়াৰ ক্ষেত্ৰত ডিম্পুৰ অৱদানৰ কথাও স্বীকাৰ কৰে তেওঁ। বৰ্তমান তেৱোঁ এগৰাকী জনপ্ৰিয় ইউটিউবাৰ।

ছচিয়েল মিডিয়াত এনে খবৰ ওলালেও, ডিম্পুয়ে এতিয়াকৈ এই বিষয়ক লৈ একো কথাই কোৱা নাই। অৱশ্যে প্ৰায়ে ডিম্পুক লৈ এনে অপ্ৰচাৰ বা মিছা প্ৰচাৰ কৰাও দেখা যায়। বহুতেই এই খবৰকো মিছা বুলিয়েই কব খোজে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme