1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 4:57 am

কান্ধত কেনেকৈ লয় ঢোল, নাজানা নেকি অ’ ডিম্পু…

  • Update Time : Monday, April 3, 2023

 ডিজিটেল ডেস্কঃ ডিজিটেল জগতখনত দোপতদোপে আগুৱাই গৈছে ইউটিউবাৰ ডিম্পু বৰুৱা। মিলিয়ন অনুৰাগী থকা ডিম্পুৰ বিভিন্ন ভিডিঅয়ে বহু নজনা কথাৰ জ্ঞান মানুহক দি যায়। বিভিন্নজনৰ ভাল খবৰবোৰৰ লগতে প্ৰযুক্তি বিদ্যাৰ বহু জ্ঞানো নিজৰ ভিডিঅৰ জৰিয়তে অনুৰাগীসকলক প্ৰদান কৰে ডিম্পুয়ে। কিন্তু এই সকলোবোৰ জ্ঞান থকা ডিম্পুৰ অসমীয়া কৃষ্টি-সংস্কৃতিৰ সন্দৰ্ভতে হয়তো সম্যক জ্ঞান নাই। তাৰ উদাহৰণ হিচাপে চাওক তলৰ এই ফটোখন-

কি লক্ষ্য কৰিছে! বিহু সাজত কান্ধত ঢোল লৈ থকা ডিম্পুয়ে কি ভুল কৰিলে আপোনাৰ চকুত পৰিছেনে? ডিম্পুৰ কান্ধত থকা ঢোলটো ভালকৈ চাওক। ঢোলৰ মাৰি ডাল ডিম্পুয়ে যি ফালে বজাইছে আচলতে ঢোলৰ সেইটো ফালত মাৰিয়ে নবজায়। কথাটো সৰু, কিন্তু কিছুমান কথাত সাৱধান হোৱা উচিত। কাৰন ডিম্পুক সামাজিক মাধ্যমত লাখ লাখ লোকে অনুসৰন কৰে। অসমীয়া কৃষ্টি-সংস্কৃতিৰ এক অন্যতম অংগ ঢোলৰ সন্দৰ্ভত ডিম্পুৰ জ্ঞান নথকা কথাটোক লৈ নেটিজেন সকলেও তীব্ৰ কটাক্ষ কৰা দেখা গৈছে।

একাংশ নেটিজেনে এইবুলিও কটাক্ষ কৰিছে  যে, ঢোল কান্ধত লব নজনা ডিম্পুৰ কিহৰ অসমীয়া! ঋণাত্মকৰ লগতে যোগাত্মক বহু সমালোচনা ডিম্পুৰ এই ফটোখনক লৈ সামাজিক মাধ্যমত হোৱা দেখা গৈছে। অৱশ্যে ডিম্পুৰ এই ফটোখন পুৰণি যদিও বিহুৰ বতৰত পুনৰ চৰ্চালৈ আহিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme