ডিজিটেল ডেস্কঃ ডিম্পু বৰুৱাক ধ্বংস কৰাৰ পৰিকল্পনা চলিছে। অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাক ধ্বংস কৰাৰ পৰিকল্পনা কৰিছে একাংশই। যথেষ্ট কষ্ট আৰু একাগ্ৰতাৰে ডিজিটেল জগতখনত সফলতা বুটলিবলৈ সক্ষম হোৱা ডিম্পু বৰুৱাক বদনামী কৰাৰ বাবে একাংশই উঠি-পৰি লাগিছে। কিছুদিনৰ আগতে ডিম্পু বৰুৱাৰ এটা ভিডিঅ ভাইৰেল হৈছিল। ভিডিঅটোত মদ খাই মাতাল হৈ বিড়ি-চিগাৰেটৰ ধোৱাৰ মাজত দেখা গৈছে ডিম্পু বৰুৱাক। হঠাতে ডিম্পু বৰুৱাক এই ৰূপক লৈ তেওঁৰ অনুৰাগীসকল আচৰিত হৈছিল।
কিন্তু সত্য কথাটো হৈছে ভিডিঅটোত থকা এই যুৱকজন ডিম্পু বৰুৱা নাছিল। তেওঁৰ চেহেৰাৰ সৈতে সাদৃশ্য থকা এজন অন্য যুৱকহে। ভিডিঅটো ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতে বিভিন্নজনে সমালোচনা কৰিছিল ডিম্পু বৰুৱাক। ঘটনাটো অধিক অৱনতি ঘটাত ডিম্পু বৰুৱাই নিজেই দিলে স্পষ্টীকৰণ। ডিম্পু বৰুৱাই কৈছে- এই যুৱকজন মই নহয়। কোনোবাই বেয়া মনোভাৱেৰে মই বুলি বেলেগৰ এটা ভিডিঅ মই বুলি প্ৰচাৰ কৰি আছে।
এতিয়া সাধাৰণতে প্ৰশ্ন হৈছে, কোনে ইউটিউবাৰগৰাকীক এনেদৰে বদনামী কৰিব বিচাৰিছে। দোপতদোপে সফলতা আজুৰি অনা ডিম্পুৰ বাবে তেওঁৰ সফলতাই কাল হব নেকি। সেয়া যি কি নহলেও ইউটিউবৰ জগতখনত ডিম্পুৰ আসন সদায়েই সুকীয়া।