ডিজিটেল ডেস্কঃ সঘনাই কথা পাহৰে নেকি? কম-বেছি পৰিমানে পাহৰাৰ লক্ষণটো সকলোৰেই থাকে। কিন্তু অত্যাধিক কথা পাহৰাটো! বেছিকৈ যদি কথা পাহৰে সেয়া প্ৰিডিমেনছিয়াৰেই লক্ষণ। প্ৰিডিমেনছিয়াত ভুগিছে নেকি সেয়া নিজেই কেনেকৈ গম পাব? তাৰ বাবে আছে কেইটামান বিশেষ টিপছ। ভৱিষ্যতে ডিমেনছিয়াত ভুগিব নেকি আগতীয়াকৈয়ে বুজিব পাৰিব এইকেইটা উপায়েৰে।
প্ৰতিদিনেই আমাৰ হাতত বহু দায়িত্ব থাকে। সকলোখিনি দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ গৈ কেতিয়াবা সকলোৰেই ওলট-পালট লাগে। তাৰ মাজতেই এটা-দুটা কথা পাহৰাটো একপ্ৰকাৰে স্বাভাৱিকো। ব্যস্ততাৰ মাজতেই সাধাৰণতে পাহৰা কথাবোৰ হৈছে লাইট, ফেন, পানী ইত্যাদিৰ চুইছ বন্ধ কৰিবলৈ পাহৰা, কেতিয়াবা গন্তব্য স্থানলৈ পোৱাৰ আগতেই গাড়ীৰ পৰা নামি দিয়া, কাৰোবালৈ ফোন কৰিম বুলি ভাৱিও পাহৰি যোৱা, কেতিয়াবা সাৰে থাকিও অত্যাধিক চিন্তাত পৰি থকা, এইসমূহেই ডিমেনছিয়াৰ প্ৰাথমিক লক্ষণ হ’ব পাৰে! যদি এইকেইটা লক্ষণে বাৰে বাৰে দেখা দিছে তেন্তে আপুনিও গ্ৰহণ কৰিব পাৰে এইকেইটা উপায়-
১) নিজকেই নিজে প্ৰশ্ন কৰক।
২) বুহদিন পূৰ্বে দেখা কোনো বন্ধুৰ নাম মনলৈ অনাৰ চেষ্টা কৰক।
৩) পুৱা কি খাইছিল সন্ধিয়ালৈ পাহৰিছে নেকি মনত পেলাওক।
৪) কাৰোবাৰ সৈতে কথা পতাৰ সময়ত একে কথাই বাৰে বাৰে সুধিছে নেকি নিজেই ভাৱক।
৫) হাতত থকা লাগতীয়াল সামগ্ৰী থৈ ক্ষন্তেকতে পাহৰিছে নেকি তাকো নজৰ দিয়ক।
৬) ৰন্ধনত নিমখ এবাৰ নহয় দুবাৰকৈ দিছে নেকি সেই কথা মনত পেলাওক।
৭) সাধাৰণ কথাবোৰ যেনে, খোৱাৰ পিছত হাত ধোৱা, মুখ ধোৱা এইবোৰ কথা মনলৈ আহেনে?
৮) তাৰিখ আৰু সময়ৰ হিচাপবোৰ পাহৰা আৰম্ভ হৈছে নেকি নিজকেই প্ৰশ্ন কৰক।
৯) অফিচত ব্যৱহৃত কম্পিউটাৰ পাছৱাৰ্ড বাৰে বাৰে পাহৰে নেকি সেই কথাও মনলৈ আনক।
১০) সদায়ে কাষত থকা কোনো ব্যক্তিৰ ভাল নামটো পাহৰি থকা।
১১) সোনকালেই খঙ উঠি হাইপাৰ হৈ যোৱা।
১২) কথাটো পেটত থাকি মনত পেলাবলৈ চেষ্টা কৰিলেও মনলৈ নহা।
১৩) ঘৰৰ পৰা উলাওতে দৈনিক ৫টা লাগতীয়াল বস্তুৰ ৩টাই পাহৰি যোৱা।
যদি এই সমূহ লক্ষণে শৰীৰত ধৰা দিছে তেন্তে প্ৰথমেই সচেতন হওক। ডিমেনছিয়া এটা নিউৰ ডিজেনেৰেটিভ ৰোগ। সাধাৰণতে একোগৰাকী ব্যক্তিৰ ক্ষেত্ৰত ৬০-৬৫ বছৰৰ পিছত এই ৰোগ আৰম্ভ হয়। কিন্তু এই ৰোগ হঠাতেই আৰম্ভ নহয়। ধীৰে ধীৰে এই ৰোগৰ লক্ষণসমূহ ধৰা দিয়ে। প্ৰথমেই যদি সচেতন হয় তেন্তে চিকিৎসকৰ পৰামৰ্শত এই ৰোগৰ পৰা উপশম লাভ কৰিব পাৰে।
অন্যান্য লক্ষণ
কথা পাহৰাই ডিমেনছিয়াৰ একমাত্ৰ লক্ষণ নহয়। ডিমেনছিয়াৰ সাধাৰণ এটা উপসৰ্গহে কথা পাহৰা। অন্যান্য লক্ষণৰ ভিতৰত আছে খুৱ কম সময়তে কোনো কাৰণত হিতাহিত জ্ঞান হেৰুৱাই পেলোৱা, টকা-পইছাৰ হিঁচাপ পাহৰি যোৱা, কোনো বিষয়ক লৈ সহজে সিদ্ধান্ত ল’ব নোৱাৰা, এটা কামত বেছিসময় মনোযোগ দিব নোৱাৰা, নতুন কোনো ঠাইলৈ যাত্ৰা কৰিলে বাৰে বাৰে পথ পাহৰা।
কি কি কাৰণত হ’ব পাৰে ডিমেনছিয়া?
আলঝাইমাৰ হ’লে ডিমেনছিয়া হোৱাৰ সম্ভাৱনা থাকে। অত্যাধিক মদ্যপান, মস্তিষ্কত কোনো টিউমাৰ বা তেজ জমা হ’লে, ভিটামিন বি-১২ৰ অভাৱ, থাইৰয়েড হৰমনৰ ভাৰসাম্যহীনতা, তেজত গ্লুকজৰ পৰিমান কমি যোৱা, কোনো নিউৰ ডিছ অৰ্ডাৰ থাকিলে ডিমেনছিয়াত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে।
ঔষধ নোখোৱাকৈও কেনেকৈ নিয়ন্ত্ৰণত ৰাখিব?
ডিমেনছিয়াৰ চিকিৎসাৰ আগতে ৰোগীৰ কোনো ক্ৰনিক ৰোগ আছে নেকি সেয়া আগতে নিয়ন্ত্ৰণ কৰা।
এলকহল সেৱন আৰু ধুমপান কমোৱা।
ডায়েট মানি চলা। বেছি পৰিমানে ফলমূল আৰু পাচলি খোৱা।
ওজন নিয়ন্ত্ৰণ কৰাটোও জৰুৰী।
নিয়মিতভাৱে শৰীৰ চৰ্চা কৰাটোও জৰুৰী।
কৰ্মৰ বাদেও মস্তিষ্ক যাতে সক্ৰিয় হৈ থাকে সেই কথাত নজৰ দিয়া।