ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট জগতৰ অন্যতম এগৰাকী খেলুৱৈ তথা টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ জীৱন কাহিনী এইবাৰ কিতাপত পঢ়িব শিক্ষাৰ্থীসকলে। সপ্তম শ্ৰেণীৰ পাঠ্যপুথিত সন্নিৱিষ্ট কৰা হৈছে ধোনীৰ জীৱন কাহিনী সম্বলিত এটা পাঠ। এই কথা ইতিমধ্যে সদৰি কৰিছে শিক্ষা বিভাগে। সপ্তম শ্ৰেণীৰ কিতাপত ধোনীৰ কেৰিয়াৰৰ লগতে তেওঁৰ জীৱনৰ সংঘৰ্ষ, ঘাত-প্ৰতিঘাতৰ সকলো কথা সন্নিৱিষ্ট কৰা হব।
উল্লেখ কৰা প্ৰয়োজন যে, মহাৰাষ্টৰ সপ্তম শ্ৰেণীৰ কিতাপত সন্নিৱিষ্ট কৰা হৈছে ধোনী বিষয়ক এই পাঠটি। শিক্ষা বিভাগে সদৰি কৰা অনুসৰি ধোনীৰ জীৱনৰ কথা জানি শিক্ষাৰ্থীসকল অনুপ্ৰাণিত হোৱাৰ আশাৰেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।