ডিজিটেল ডেস্কঃ ২২ গজৰ খেল পথাৰত সাত নম্বৰ জাৰ্চি তেওঁৰ বাবেই চিনাকি যেন হৈ পৰিছিল,তেওঁ হৈছে ভাৰতীয় ক্ৰিকেট দলৰ সফল অধিনায়ক মহেন্দ্ৰ সিং ধোনী।এগৰাকী সুদক্ষ উইকেটৰক্ষক, মাৰমুখী বেটছমেন তথা সদা শান্ত সৌম্য স্বভাৱৰ ধোনি আছিল বহুতৰে প্রিয় এগৰাকী ক্ৰিকেটাৰ। সেই প্ৰিয় ক্ৰিকেটাৰগৰাকীয়ে আজি ওপজা দিন। ৪১টা বসন্ত গৰকিলে মহেন্দ্ৰ সিং ধোনীয়ে।
তেতিয়াৰ বিহাৰ ৰাজ্যৰ এখন চহৰ ৰাঁচী যি বৰ্তমানৰ ঝাৰখণ্ডৰ ৰাজধানী, এই ৰাঁচীতেই পান সিং ধোনী আৰু দেৱকী ধোনীৰ ঘৰত ১৯৮১ চনৰ ৭ জুলাইত জন্ম হয় মহেন্দ্ৰ সিং ধোনীৰ। ধোনী ডি এ ভি জৱাহৰ বিদ্যা মন্দিৰৰ ছাত্ৰ আছিল। তেওঁ পঢ়াত ইমান মেধাৱী নাছিল যদিও সকলো খেলা-ধূলাতে তেওঁ পাৰ্গত আছিল। ধোনীয়ে প্ৰথম বেডমিণ্টন আৰু ফুটবল খেলিছিল। তেওঁ স্কুলৰ ফুটবল দলৰ গলৰক্ষক আছিল। এদিন তেওঁৰ স্কুলৰ খেলৰ প্ৰশিক্ষক কেশৱ বেনাৰ্জীয়ে স্কুলৰ নিয়মীয়া উইকেটকীপাৰৰ অনুপস্থিতিত ধোনিক এখন স্থানীয় খেলত উইকেটকিপিং কৰিবলৈ পঠিয়ায়। আৰু তাত ধোনীৰ প্ৰদৰ্শনত প্ৰশিক্ষক মুগ্ধ হয় আৰু তেওঁক নিয়মীয়া উইকেটকীপাৰ কৰি লয়। সেয়াই মহেন্দ্ৰ সিং ধোনিৰ ক্ৰিকেটত প্ৰৱেশ।
তেতিয়াৰ পৰা ধোনীয়ে কেতিয়াও পাছলৈ ঘূৰি চাব লগা হোৱা নাই। ধোনীয়ে তাৰপাছত ১৯৯৫ চনৰ পৰা ১৯৯৮ চনলৈ “কামাণ্ড’ ক্ৰিকেট ক্লাৱ”ৰ নিয়মীয়া উইকেটকীপাৰৰূপে খেলে। তেওঁৰ প্ৰদৰ্শনত ওপৰত ভিত্তি কৰি ১৯৯৭/৯৮ চনৰ আন্তঃ১৬ বছৰীয়া ভিনো মানকাড ট্ৰফীত তেওঁ বিহাৰ দলত স্থান লাভ কৰে আৰু তাত ধোনিয়ে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰে। দশম শ্ৰেণী উত্তীৰ্ণ পাছতহে ধোনিয়ে ক্ৰিকেটক বেছিকৈ গুৰুত্ব দিয়ে আৰু সময় দিয়ে। এনেদৰেই ক্ৰিকেট খেলি খেলৰ বলতে তেওঁ খড়্গপুৰ ৰে’ল ষ্টেচনত টিকেট পৰীক্ষকৰ চাকৰি পায় আৰু আৰম্ভ কৰে জীৱনৰ কঠিন যাত্ৰা।
মহেন্দ্ৰ সিং ধোনীৰ ৫টা নজনা কথা আজি জানো আহকঃ
১. ধোনিক শচীন টেণ্ডুলকাৰে আগবঢ়াই দিছিল অধিনায়কৰ বাবে: বহুতে হয়তো নাজানে যে মহেন্দ্ৰ সিং ধোনি অধিনায়ক হোৱাৰ আঁৰত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ যথেষ্ট ভূমিকা আছিল। সেই সময়ত বীৰেন্দ্ৰ সেৱাগ অভিজ্ঞ আছিল যদিও শচীনে ধোনিকহে অধিনায়কৰ দায়িত্ব দিয়াৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছিল। সেই মৰ্মে ২০০৭ চনৰ টি-টুৱেন্টি বিশ্বকাপত অভিজ্ঞ শচীন, সৌৰভ আৰু দ্ৰাবিড়ৰ অনুপস্থিতত ধোনিৰ হাতত অৰ্পণ কৰা হয় অধিনায়কৰ দায়িত্ব। ধোনিয়েও সেই দায়িত্ব সুকলমে পালন কৰি ভাৰতৰ বাবে কঢ়িয়াই আনে বিশ্বকাপ।
২. ধোনিৰ ব’ৰ্ড পৰীক্ষাৰ নম্বৰ: পঢ়া শুনাত মহেন্দ্ৰ সিং ধোনি কেনেকুৱা আছিল সেই কথাও জানিবলৈ নিশ্চয়কৈ অনুৰাগীসকলৰ মন যায়। খেলৰ প্ৰতি সৰুৰে পৰা ধাউতি থকা ধোনি পঢ়া শুনাত বৰ বেছি ভাল নাছিল। দশম শ্ৰেণীৰ বোৰ্ডৰ পৰীক্ষাত ধোনিয়ে লাভ কৰিছিল ৫৬ শতাংশ নম্বৰ। তাৰ বিপৰীতে, দ্বাদশ শ্ৰেণীত লাভ কৰিছিল ৬৬ শতাংশ নম্বৰ। এই কথা প্ৰকাশ পাইছে তেওঁৰ আত্মজীৱনীমূলক চলচ্চিত্ৰ এম এছ ধোনি: দ্য আনট’ল্ড ষ্ট’ৰীত।
৩. ষ্টাম্পিং শূণ্য আই পি এলৰ প্ৰথম চিজন: ২০০৮ চনত আৰম্ভ হৈছিল আই পি এল। আৰম্ভণিৰে পৰা ধোনি চেন্নাই চুপাৰ কিংছ দলতেই বিৰাজমান আছিল। তেওঁৰ নেতৃত্বতে দলটোৱে লাভ কৰিছে ধাৰাবাহিকভাৱে সফলতা। নেতৃত্বৰ লগতে বেটিং পৰাক্ৰম তথা উইকেট কিপিঙত থকা দক্ষতাৰ বাবে ধোনি এগৰাকী সফল টি টুৱেন্টি ক্ৰিকেটাৰ। এগৰাকী সফল উইকেটৰক্ষক ধোনিয়ে কিন্তু আই পি এলৰ প্ৰথম চিজনত কৰিব পৰা নাছিল এটাও ষ্টাম্পিং। ই আছিল তেওঁৰ বাবে এটা অনাকাংক্ষিত অভিলেখ।
৪. মহেন্দ্ৰ সিং ধোনিৰ প্রিয় ফুটবল দল আৰু ফুটবলাৰ: ধোনিৰ একান্ত অনুৰাগী সকলে নিশ্চয় জানে যে ফুটবল তেওঁৰ প্রিয়। স্কুলীয়া দিনত তেওঁ ফুটবল দলৰ গ’লৰক্ষক আছিল। অৱশ্যে, বহু অনুৰাগীয়ে হয়তো নাজানে তেওঁৰ প্রিয় ফুটবল দল তথা প্রিয় ফুটবলাৰৰ বিষয়ে। ষ্টাৰ স্পৰ্টছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ উল্লেখ কৰিছিল যে লিয়নেল মেচি হৈছে তেওঁৰ প্রিয় ফুটবলাৰ। সন্যাস লোৱা সকলৰ ভিতৰত জিনেদান জিদান তেওঁৰ প্রিয়। মানচেষ্টাৰ ইউনাইটেড হৈছে তেওঁৰ প্রিয় ফুটবল ক্লাব।
৫. বিখ্যাত হেলিকপ্টাৰ শ্বটৰ আঁৰৰ কাহিনী: ধোনি যিদৰে এগৰাকী সফল ক্ৰিকেটাৰ।সেইদৰে উদ্ভাৱনী শক্তিৰে তেওঁৰ বেটিং শৈলীও অন্যন্য। হেলিকপ্টাৰ শ্বট তেওঁ উদ্ভাৱন কৰা এটি জনপ্ৰিয় ক্ৰিকেটিং শ্বট।মূলতঃ য়ৰ্কাৰ বলবোৰ বাউণ্ডেৰীৰ বাহিৰলৈ মাৰি পঠিওৱাৰ এক আকৰ্ষণীয় কৌশল এই হেলিকপ্টাৰ শ্বট। বহুতে হয়তো নাজানে এই শ্বট মহেন্দ্ৰ সিং ধোনিয়ে ক’ত কেনেদৰে শিকিলে। উল্লেখযোগ্য যে ঝাৰখণ্ডৰ ক্ৰিকেটাৰ সন্তোষ লালে ধোনিক এই শ্বট শিকাইছিল। ৰঞ্জী ক্ৰিকেটত লালে এই শ্বট ব্যৱহাৰ কৰিছিল। দুৰ্ভাগ্যজনকভাৱে ২০১৩ চনত এইগৰাকী খেলুৱৈৰ মৃত্যু হয়।
(ধোনীৰ ৫টা নজনা কথা সংগ্ৰহ কৰা হৈছে)