ডিজিটেল ডেস্কঃ সকলোৱে ভাল পোৱা মহেন্দ্ৰ সিঙ ধোনীৰ এটা বেয়া অভ্যাস আছে। এই অভ্যাসটো কিজানি আপোনাৰো আছে। ধোনীৰ এই অভ্যাসটোৰ বাবেই বহুতে কেতিয়াবা ধোনীক বেয়াও পায়। কিন্তু ধোনীয়ে এই বেয়া অভ্যাসটো আঁতৰ কৰিব পৰা নাই আপুনিও ছাগে এতিয়া ভাৱিছে, ধোনীৰ এনে কি বেয়া গুণ আছে!
আপুনি মই ভাল পোৱা মহেন্দ্ৰ সিঙ ধোনীৰ বেয়া অভ্যাসটোৰ বিষয়ে শেহতীয়াকৈ মুকলিকৈ কলে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীয়ে। ধোনীৰ এই বেয়া অভ্যাসটো কি!
ধোনীৰ সেই বেয়া অভ্যাসটো হৈছে- ধোনীলৈ যেতিয়া কোনোবাই ফোন কৰে তেতিয়া ধোনীয়ে ফোন কেতিয়াও ৰিচিভ নকৰে। বিৰাট কোহলীয়ে সদৰি কৰা অনুসৰি, ধোনীলৈ তেওঁ যিমানবাৰ ফোন কৰে তাৰ ৯৯শতাংশ বাৰেই তেওঁ ফোন ৰিচিভ নকৰে। যিমানেই যি ডাঙৰ ঘটনা নহওক ধোনীয়ে প্ৰায়ে ফোন ৰিচিভ নকৰে বুলি অভিযোগ আনিলে বিৰাটে।
বিৰাটে লগতে কয় ধোনী ফিল্ডত থাকিলে যিমান এক্টিভ হৈ থাকে। আন সময়ত তেওঁ সিমানেই নিষ্ট্ৰিয় হৈ থাকে। যাৰ বাবে তেওঁক হাজাৰ বাৰ ফোন কৰিলেও পোৱা নাযায়। বিৰাটৰ এই অভিযোগক ধোনীয়ে এতিয়া কেনেদৰে খণ্ডন কৰে সেয়া সময়তহে দেখা যাব।