ডিজিটেল ডেস্কঃ প্ৰেমৰ নামত ধেমাজি চহৰৰ মাজমজিয়াতে দাৰে ঘপিয়াই হত্যা কৰা নন্দিতাৰ সেই ঘটনা কোনে পাহৰিব পাৰে। ৰিন্টু শৰ্মা নামৰ এটা লম্পটে প্ৰেমৰ নামত অতি নৃশংসভাৱে হত্যা কৰিছিল নন্দিতাক। কিন্তু শেহতীয়াকৈ আদালতৰ এক ৰায়দানত একাংশ লোকৰ মাজত প্ৰশ্নৰ উদয় হৈছে যে, আইনৰ সুৰুঙাৰে সাৰি যাব নেকি হত্যাকাৰী ৰিন্টু।
অভিযুক্ত ৰিন্টু শৰ্মাৰ এনকাউন্টাৰৰ গোচৰ আছিল ভুৱা। শনিবাৰে ধেমাজি আদালতে এই সন্দৰ্ভত ৰায়দান দিয়ে ৷ নন্দিতা শইকীয়াক হত্যা কৰা ৰিন্টু শৰ্মাক ৪ চেপ্টেম্বৰৰ নিশা ১০.২০ মিনিটত ধেমাজি অসামৰিক চিকিৎস্যালয়লৈ নিয়া অৱস্থাত প্ৰসাৱ কৰাৰ অজুহাতত আৰক্ষীক কিলাকূটিৰে ঠেলি পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে বাধ্য হৈ গুলী কৰা বুলি এজাহাৰ দাখিল কৰিছিল আৰক্ষীয়ে ৷ উক্ত এনকাউন্টাৰত ভৰিত গুলী লাগি আহত হৈছিল ৰিন্টু শৰ্মা ৷
ধেমাজি অতিৰিক্ত ন্যায়িক দণ্ডাধীশ জুমা সিংহা আদালতে আৰক্ষীয়ে ৰিন্টু শৰ্মা এনকাউন্টাৰৰ যথোপযুক্ত প্ৰমাণ দাখিল কৰাত ব্যৰ্থ হোৱাৰ বাবে এয়া এক পৰিৱেশ সৃষ্ট এনকাউন্টাৰহে আছিল বুলি প্ৰতীয়মান হৈ আদালতে ৰিন্টু শৰ্মাক দোষমুক্ত ৰায়দান দিয়ে ৷