1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 23, 2024, 12:07 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

হায় মানৱতা! মাত্ৰ ৫০০টকাৰ বাবে মৃত নৱজাতকক দলিয়াই দিলে খালত…

  • Update Time : Sunday, July 24, 2022

ডিজিটেল ডেস্কঃ পৃথিৱী বহু আগবাঢ়ি গল কিন্তু মানৱতা যেন এতিয়া ক্ৰমান্বয়ে হেৰাই গৈছে। ভোগবাদী পৃথিৱীখনত সকলো কেৱল নিজক লৈ ব্যস্ত। মানৱতা যেন আজি সমাজত মূল্যহীন, ভূলুন্ঠিত। ধেমাজিত শেহতীয়াকৈ সংঘটিত হোৱা ঘটনাৰ পৰা এই কথাবোৰে সকলোৰে মনলৈ আহিছে। শেহতীয়াকৈ ধেমাজিত মৃত নৱজাতকক ৫০০ টকাত কিনি খালত দলিয়ালে দুবৃৰ্ত্তই। আমি লাভ কৰা খবৰ অনুসৰি ধেমাজি অসামৰিক চিকিৎসালয়ৰ দাঁতিকাষৰৰ লাচিত নগৰত এটা খালত আন্ধাৰৰ সুযোগ লৈ ৰাতিয়েই মৃত নৱজাতকৰ অভিভাৱকৰ পৰা ৫০০ টকা লৈ দুই দুবৃৰ্ত্তৰূপী ব্যক্তিয়ে নৱজাতকক বস্তাত বান্ধি খালত দলিয়াই থৈ যায় ৷

শনিবাৰে নিশা প্ৰায় ৮ বজাত এই ঘটনা সংঘটিত কৰা সময়তে স্থানীয় বহু কেইজন লোকে ঘটনাটো প্ৰত্যক্ষ কৰি এই কাম সংঘটিত কৰা দুজন যুৱকক আটক কৰে। আৰক্ষীক চমজাই দিয়া যুৱক দুজনে স্বীকাৰ কৰিছে যে, টকা পইচা লৈ অসামৰিক চিকিৎসালয়ত দীৰ্ঘদিন ধৰি মৃত নৱজাতকক এনেদৰে বিভিন্ন স্থানত পেলাই অহাৰ কথা।

এই ভয়ংকৰ ঘটনা পোহৰলৈ অহাৰ পাছতে সমগ্ৰ ধেমাজি চহৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme