1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:40 am

সংগীতা টকাৰে ধনী! কিন্তু মনেৰে ধনী গাড়ীচালক ধনমণি…

  • Update Time : Tuesday, May 9, 2023

ডিজিটেল ডেস্কঃ  ফেচবুকতো খুচৰিলেই সংগীতা আৰু ৱালিউলৰ নৃশংসতাৰ কাহিনীয়ে আপোনাৰ ছাগে মনতো সেমেকাই তুলে নহয়নে! তুলি-টালি ডাঙৰ কৰা সন্তানকো কেনেকৈ এনে নিৰ্মম অত্যাচাৰ কৰিব পাৰে তাক লৈ বহুজনে প্ৰশ্নৰ উত্থাপন কৰিছে। কিন্তু এনে ঋণাত্মক পৰিস্থিতিৰ মাজতে শেহকীয়াকৈ জ্যোষ্ঠ সাংবাদিক পংকজ শৰ্মাই ফেচবুকত শ্বেয়াৰ কৰিলে এটা বিশেষ কাহিনী। এই কাহিনীটো এগৰাকী গাড়ীচালকৰ। তেওঁৰ নাম ধনমণি। ধনেৰে দুখীয়া হলেও মনেৰে কিমান ধনী ধনমণি, সেই কথা তলত সাংবাদিক শৰ্মাই লিখা পোষ্টটো পঢ়িলে উপলদ্ধি কৰিব-

সাংবাদিক শৰ্মাই ধনমণিৰ কাহিনীটো লিখিছে এনেদৰে-

ময়ো কথাটো দেৰিকৈহে গম পাওঁ।আমাৰ অফিচৰে DSNG চালক ধনমনি।লখিমপুৰৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ সংগ্ৰামী যুৱক ধনমনিয়ে বহুকেইটা কাম কৰি কৰি নিউজ লাইভত DSNG চালক হিচাপে থিতাপি লৈছে।সীমিত দৰমহাৰে গুৱাহাটীত ভাড়াঘৰ লৈ ধনমনি আছে।ঘৰলৈ টকাও পঠাব লাগে,চাৰিজনীয়া পৰিয়াল চলোঁৱাতো প্ৰায়েই টানেই হৈ পৰে।পিচতহে গম পালোঁ,ধনমনিৰ নিজৰ সন্তান নাই।গুৱাহাটীৰ সংগ্ৰামী,সীমিত দৰমহাৰ ,আৰ্থিক প্ৰবল প্ৰত্যহ্বানৰ জীৱনৰ মাজতে ধনমনিয়ে দুটা লৰা সন্তান তুলি লৈছে।

ভায়েকে বিয়া পাতিছিল,দুটা সন্তান জন্মৰ পিছত মাক বাপেক বেলেগ হল,সন্তানক চাবলৈ কোনো নাই।ধনমনি ধনৰ ধনী নাছিল,তাৰপিছতো সন্তান দুটাক গুৱাহাটীলৈ লৈ আনিলে।মই নিজে জানো নিজৰ সন্তানক যেনেকৈ মৰমেৰে ডাঙৰ দীঘল কৰে ধনমনিয়ে তেনেকৈ মৰমেৰে সন্তান দুটা ডাঙৰ কৰিছে।পঢ়াইছে ব্যক্তিগত খণ্ডৰ ভাল বিদ্যালয়ত।ধনমনিৰ পত্নীয়েও মাতৃৰ মৰমেৰে সন্তান দুটি পৰিচৰ্যা কৰিছে। 3 বছৰ বয়সতে অনা সৰুটো লৰা আজি ক্লাছ 4 পালে, ক্লাছ 3 ত থাকোতে অনা লৰা আজি কাহিলিপাৰা জাতীয় বিদ্যালয়ত ক্লাছ 8 ত পঢ়ি আছে।

ধনমনি কিছুদিন পিছতে নিজেও পিতৃ হব।আমাৰ আগত ধনমনিয়ে কয় –ভগৱানে যি দিয়ে আদৰি লম,কিন্তু ছোৱালী এজনী হলে মোৰ পৰিয়ালতো সম্পূৰ্ণ হব। কথাখিনি লিখিলোঁ এই কাৰণে দুজন মানুহে দুটা তুলনীয়া সন্তানক বৰ্বৰ আচৰণ কৰিলেও এই পৃথিৱীতে বহু ধুনীয়া এতিয়াও বাকী আছে।অভিজাত পোছাক নিপিন্ধাকৈ ,ফেচবুকত কৃত্ৰিম ষ্টেটাছ নিদিয়াকৈ বহুত মানুহে নীৰৱে এই ধুনীয়া পৃথিৱীখন আৰু ধুনীয়া কৰাত অৰিহনা যোগাই গৈছে।বহুতেই চলোৱা নেতিবাচক প্ৰচাৰৰ দৰে সকলো ভণ্ড নহয়।বেলেগৰ কথা নাজানো মই ধনমনিক ওচৰৰ পৰা দেখি বহু কথাই শিকিছোঁ।

শিকিছো সহায় কৰিবলৈ,পৰিবৰ্তন আনিবলৈ ধন টকা পইচা বহুত নালাগে,ভাল মনহে লাগে।সীমাবদ্ধতাৰ মাজতেই ধনমনিক সহায় কৰিবলৈ চেষ্টা কৰো।বিশ্বাস কৰো যে বেয়া কামবোৰ কমাই অনাৰ আটাইতকৈ ডাঙৰ উপায় হল ভাল কামবোৰ বঢ়াই যোৱা।বেয়া কামবোৰ আলোচনাত কিবা নিচা লগা নিচিনাকৈ ব্যস্ত থকাতকৈ ধনমনিৰ দৰে ব্যক্তিক ভাল কামত আগুৱাই যোৱাত সহায় কৰিব লাগে।নোৱাৰিলেও কোনো কথা নাই ধনমনিয়ে নিজৰ কাম কৰি যাবই। আমি বহুতেই হয়তো পৰা নাই,কিন্তু বহু বাধাৰ মাজতেই ধনমনিয়ে পাৰিছে।তাৰবাবেই অভিজাত পোছাক আৰু ষ্টেটাছ নোহোৱাকৈও ধনমনি মোৰ দৃষ্টিত HERO।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme