ডিজিটেল ডেস্কঃ পত্নীয়েই কেৱল নিৰ্যাতিত হয় নেকি? মিছা কথা বহু সময়ত পত্নীৰ দ্বাৰা স্বামীও নিৰ্যাতিত হয়। নাৰী নিৰ্যাতনৰ পক্ষে থিয় দিবলৈ বহু লোকেই আগবাঢ়ি আহে। কিন্তু পুৰুষ নিৰ্যাতনৰ বিষয়ে মাত মাতিবলৈ কোনোৱা ওলাই আহে নে? পুৰুষৰ সপক্ষে মাত মাতিবলৈ কিবা সংস্থা আছে নেকি?
নিৰ্যাতিত পুৰুষসকলৰ বাবে আহিছে ভাল খবৰ। পত্নীৰ গালি শুনি ভাগৰি পৰা স্বামীয়ে পাব সকাহ। নিৰ্যাতিত পুৰুষে আৰু গোপনে কান্দিবও নালাগে। বিনামূলীয়াকৈ নিৰ্যাতিত পুৰুষসকলৰ বাবে কাউন্সেলিং কৰিবলৈ আগবাঢ়ি আহিছে এটা বিশেষ ট্ৰাষ্ট।
কলকাতাৰ কেইজনমান লোকৰ বিশেষ পদক্ষেপত প্ৰাণ পায় উঠিছে এটা সংস্থাই। কলকাতাত গঢ় লোৱা হৃদয়া ট্ৰাষ্ট নামৰ সংস্থাটোৱে লৈছে বিশেষ পদক্ষেপ। নিৰ্যাতিত পুৰুষসকলৰ বাবে ট্ৰাষ্টটোৱে কাম কৰিবলৈ আগবাঢ়ি আহিছে। প্ৰতি দেওবাৰে ট্ৰাষ্টটোৱে নিৰ্যাতিত পুৰুষৰ বাবে কাউন্সেলিঙৰ ব্যৱস্থা কৰিছে।
উল্লেখ্য যে খবৰটো ভাইৰেল হৈ পৰাৰ লগে লগেই কলকাতালৈ ৰাওনা হৈছে বহু যুৱক। দেশৰ ভিন্ন প্ৰান্তৰ পুৰুষে এতিয়া কলকাতাৰ ‘হৃদয়া’ত আহি ভিৰ কৰিছে বুলি প্ৰকাশ কৰিছে ট্ৰাষ্টটোৰ সৈতে জড়িত সদস্যসকলে। সংস্থাটোৱে কেইটামান হেল্পলাইন নম্বৰো মুকলি কৰিছে। নম্বৰকেইটা হৈছে 9830072891, 9748677527,9830709292,8420000445