1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:38 am

হয়, মোৰ জীৱনতো এজন বিশেষ ব্যক্তি আছেঃ দীপলিনাই ক’লে, ৰাইজে শুনিলে…

  • Update Time : Friday, January 20, 2023

ডিজিটেল ডেস্কঃ মোহময়ী দীপলিনাক লৈ কত যে কি চৰ্চা। ধুনীয়া দীপলিনাই নিজৰ মনটো কোনগৰাকী ব্যক্তিক দি থৈছে , সেই কথা এতিয়াও কোনেয়ে নাজানে। অৱশ্যে তাৰ মাজতে এজন বিশেষ ব্যক্তিৰ সৈতে প্ৰায়ে নাম সাঙুৰ খায় কন্ঠশিল্পীগৰাকীৰ। কিন্তু শেহতীয়াকৈ দীপলিনাই নিজেই ৰাজহুৱাকৈ কলে যে- ”এনেকুৱা কথা নহয় যে, মোৰ জীৱনত কোনো বিশেষ ব্যক্তি নাই”

দীপলিনাৰ জীৱনত থকা বিশেষ ব্যক্তিগৰাকীৰ কথা দীপলিনাই এইবাৰ নিজেই ৰাজহুৱা কৰিলে। কিন্তু তাৰ মাজতো দীপলিনাই সকলোৰে মনত প্ৰশ্নবোধকৰ উদয় কৰি থৈ কলে-  ”এনেকুৱা কথা নহয় যে মোৰো জীৱনত কোনো বিশেষ ব্যক্তি নাই। আছে। কিন্তু সব কথাটো ক’ব নোৱাৰি।”

বিশ্বনাথৰ এখন অনুষ্ঠানত দীপলিনাই এনেদৰে কৈ কয়-  মোৰ লগত সকলো সময়তে থকা ব্যক্তিজন মোৰ সম্পৰ্কীয় ভাতৃ। প্ৰফেছনেলী তেওঁ মোৰ মেনেজমেণ্টৰ পৰা আৰম্ভ কৰি প্ৰতিটো দিশৰে যত্ন লয়। তেওঁ মোৰ লগত থাকিলে মোৰ মা, দেউতাও নিশ্চিন্ত থাকে। মোৰ সুখ, দুখ সকলোতে মোৰ কাষত থাকে। সকলো কথাই শ্বেয়াৰ কৰিব পৰা সেই বিশেষ ব্যক্তিজনেই হ’ল কমল পৰাণ।

হয়, সকলোৱে ভাৱি থকাৰ দৰে দীপলিনাৰ পৰা সেই উত্তৰটো নাহিল। কিন্তু দীপলিনাই কৈ গল যে, সকলো কথা কৈ দিব নোৱাৰি।

এতিয়া সকলোৱে আশা কৰিছে যে, সকলো কথা দিব পৰাকৈ অচিৰেই আহক সেই সময়। যি সময়ত দীপলিনাই মন খুলি কব পাৰিব তেওঁৰ জীৱনত থকা সেই বিশেষ ব্যক্তিজনৰ কথা।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme