1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 7:43 pm
Trending:
মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي

আজি জানি লওঁক কাৰনঃ দীপলিনা কিয় ইমান ধুনীয়া…

  • Update Time : Friday, March 24, 2023

দীপলিনাক লৈ আমাৰ এক বিশেষ প্ৰতিবেদন

বিয়াখন কেতিয়াকৈ হ’ব ? কাৰ লগত হ’ব? ফেচবুকত যে ফটো দিলে, সেইখন কাৰ হাত? কোন যুৱ ৰাজনৈতিক নেতাৰ সৈতে তেওঁৰ সম্পৰ্ক?- কিমান যে কি কৌতূহল তেওঁক লৈ। প্ৰতিটো কথা-কামতেই বিৰ্তক সদৃশ এক পৰিৱেশ। তেওঁৰ কিবা এটা নতুন কাম আহিলেই, কামটো বাদ দি বাকী কিছু অনাহক বিৰ্তক ওপৰলৈ উঠি আহে। তাৰ মাজতে তেওঁ নিজৰ কাম কৰি গৈছে। বিৰ্তকৰ সৈতে সহোদৰৰ দৰে বাস কৰা কন্ঠশিল্পী দীপলিনা ডেকাৰ কথাই কৈছো।

কিবা নতুন গান বা কিবা ন প্ৰজেক্ট হাতত ললেই অনুৰাগীসকলক ছচিয়েল মিডিয়াৰ জৰিয়তে দীপলিনাই আগতীয়াকৈ জনায়। কেৱল দীপলিনাই নহয়, আজিকালি প্ৰায় সংখ্যক শিল্পীয়ে সামাজিক মাধ্যমত খুবেই সক্ৰিয়। কিছুদিনৰ পূৰ্বে দীপলিনাৰ আহিবলগীয়া এটা গানৰ দৃশ্যাংশৰ এখন ফটোক লৈ কি পৰিস্থিতি হৈছিল, সেয়া হয়তো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই।

এইবাৰ কিন্তু দীপলিনাই মনে মনেই কৰি পেলালে এটা ডাঙৰ কাম। এই কামটোৰ কথা তেওঁ অনুৰাগীসকলকো নজনালে। না ফটো, না কিবা ভিডিঅ, একো শ্বেয়াৰ নকৰাকৈয়ে দীপলিনাই কৰি পেলালে এটা ডাঙৰ কাম। ডাঙৰ মানে এটা ভাল লগা কাম এইবাৰ দীপলিনাই একপ্ৰকাৰৰ মনে মনেই কৰি পেলালে। কথাখিনি কম, প্ৰথমে তলৰ ফটোখন চাই লওঁক-

ফটোখনত আপুনি হালধীয়া সাজযোৰৰ লগতে হাঁহি এটা পিন্ধি থকা দীপলিনাৰ লগত যিজন যুৱকক দেখিছে তেওঁৰ নাম ধ্ৰৱজ্যোতি দাস। এতিয়া কওঁ শুনক এই ধ্ৰৱজ্যোতি কোন! । ধ্ৰুৱজ্যোতি অনেকৰ বাবে এক আদৰ্শ, এক সাহস অথবা এক প্ৰেৰণা। বৰ্ণমালাখনৰ এটাও আখৰৰ সৈতে পৰিচয় নথকা, নিজে এটাও খোজ দিব নোৱৰা, বিচনাখনকে জীৱনৰ লগ কৰি লোৱা ধ্ৰৱজ্যোতিয়ে কৈ যায় মাক, দেউতাক, খুৰাক,ভায়েক অথবা ভণিয়েকে কবিতাবোৰ লিখি যায়। এনেকৈয়ে এইখন চতুৰ্থ কাব্য সংকলন তেওঁৰ।

জীৱনৰ সমস্যাবোৰৰ সৈতে মুখামুখি হ’বলৈ সাহস নকৰা মানুহৰ বাবে ধ্ৰুৱজ্যোতি এক জীৱনমুখীতাৰ সাৰ্থক উদাহৰণ। আৰু ধ্ৰৱজ্যোতিৰ কাষতে পোহৰ হৈ থিয় দিছে এইবাৰ দীপলিনা ডেকা। ধ্ৰুৱজ্যোতি দাসৰ এখন কবিতা পুথি দীপলিনা ডেকাই নিজৰ ধন ব্যয় কৰি প্ৰকাশ কৰি উলিয়ালে। কেৱল সেয়াই নহয়, উন্মোচনৰ বাবে সকলো দিহা কৰি আয়োজন কৰিলে এক অনুষ্ঠানৰ। তলৰ ফটোখন উন্মোচনী অনুষ্ঠানৰ-

ধ্ৰুৱজ্যোতি দাসে কিতাপখনত লিখিছে- “তেখেতে মোক কথা দি গ’ল, ধ্ৰুৱ, তুমি পঞ্চাশটামান কবিতা উলিয়াই ঠিক কৰা, মই মোৰ সাধ্যানুসাৰে তোমাৰ চতুৰ্থখন গ্ৰন্থ ছপা কৰি উলিওৱাৰ দ্বায়িত্ব লৈছোঁ । তুমি যিমান সোনকালে মোক লিখি দিবা, সিমান সোনকালে মই প্ৰকাশ কৰি উলিয়াম ।’’ দীপলিনা ডেকাই ধ্ৰৱজ্যোতিক দিয়া কথা শেষৰলৈকে ৰাখিলে। আৰু কৰি পেলালে এনে এটি মহান কাম।

দীপলিনাৰ চেষ্টাৰ বাবেই বিশেষভাৱে সক্ষম, প্ৰচুৰ প্ৰতিভাসম্পন্ন যুৱ কবি ধ্ৰুৱজ্যোতি দাসৰ ৪ৰ্থখন কবিতা সংকলন ‘এমুঠি হৃদয়ৰ কবিতা’ প্ৰকাশ হৈ ওলাল। কাকো একো নজনোৱাকৈ, কামটো সফলভাৱে হৈ যোৱাৰ পাছতো দীপলিনাই এই মহান কামটোৰ বিষয়ে এইবাৰ কাকোৱেই নজনালে। সচাঁ হৃদয়ে কৰা কামৰ হয়তো বিজ্ঞাপনৰ প্ৰয়োজন নাই। এটা সুন্দৰ মন এখন সচাঁ হৃদয় আছে বাবেই হয়তো দীপলিনা ইমান ধুনীয়া…

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme