1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:40 am

অসমৰ পৰীঃ ইঞ্জিনিয়াৰ দীপলিনা কিয় আহিল সংগীতৰ ক্ষেত্ৰলৈ…

  • Update Time : Tuesday, February 7, 2023

ডিজিটেল ডেস্কঃ আজি মোহময়ী কন্ঠশিল্পী তথা অভিনেত্ৰী দীপলিনা ডেকাৰ ওপজা দিন। । বৈদ্যুতিক অভিযান্ত্ৰিক ডিগ্ৰীধাৰী দীপলিনা অসমত “পৰী” নামেৰেও পৰিচিত। জুবিন গাৰ্গ পৰিচালিত মিছন চাইনা চলচ্চিত্ৰখনৰ মাধ্যমত তেওঁ অসমীয়া চলচ্চিত্ৰ জগতত অভিনয় জীৱনৰ পাতনি মেলিছিল। তেওঁ কণ্ঠদান কৰা গান চুই দিয়ানাৰ লগতে বহু গীতে অসমৰ শ্ৰোতাৰ মাজত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

দীপলিনা ডেকাৰ জন্ম হয় ১৯৯২ চনৰ ৭ ফেব্ৰুৱাৰী তাৰিখে। তেওঁৰ পিতৃ বাবুল কুমাৰ ডেকা আৰু মাতৃ পদুমী ডেকা৷ তেওঁৰ পিতৃয়ে নগাঁৱৰ কাগজ কলত চাকৰি কৰিছিল। সন্তানৰ ভিতৰত দীপলিনা কনিষ্ঠ, তেওঁৰ এগৰাকী জ্যেষ্ঠা ভগ্নী আছে। কেন্দ্ৰীয় বিদ্যালয় জাগীৰোডৰ পৰা মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ উচ্চ শিক্ষাৰ বাবে তেওঁ মহৰ্ষি বিদ্যা নিকেতনত নামভৰ্তি কৰে৷

অধ্যয়ন কৰা সময়ৰ পৰা নৃত্য, সঙ্গীত আৰু অভিনয়ত অংশগ্ৰহণ কৰি তেওঁ পুৰস্কাৰ লাভ কৰিছে। দীপলিনাই কথক নৃত্যৰ প্ৰশিক্ষণ আৰু শাস্ত্ৰীয় সঙ্গীতত বিশাৰদ অৰ্জন কৰিছে। তেওঁ ২০০৭ চনত ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত বেটমিণ্টন প্ৰতিযোগিতাতো চতুৰ্থ স্থান লাভ কৰিছিল৷[4] শিক্ষা সমাপ্ত কৰি এয়াৰটেল আৰু জিঅ’ কোম্পানীত অভিযন্তা পদত কৰ্মৰত থকাৰ সময় জুবিন গাৰ্গ পৰিচালিত মিছন চাইনা চলচ্চিত্ৰত অভিনয় কৰাৰ সুযোগ পায়।

তাৰপিছত চাকৰি এৰি চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। ২০১৫ চনৰ ২৩ ফেব্ৰুৱাৰী তাৰিখত তেওঁৰ প্ৰথম ভিডিঅ’ গানৰ এলবাম “নোৱাৰি নোৱাৰি” মুক্তি পায় যাৰ সহ-শিল্পী আছিল তৰুণ তন্ময় বৰ্তমান তেওঁৰ জনপ্ৰিয়তা অসমসহ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চললৈকে বিস্তাৰ কৰিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme