ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যতদ্বাণীয়ে সচাঁলৈ পৰিৱৰ্তন হোৱাৰ পথত অসমৰ ৰাজনীতি। অচিৰেই কংগ্ৰেছৰ ৮গৰাকী বিধায়কে যোগদান কৰিব বিজেপিত। সোমবাৰে এই বিস্ফোৰক ঘোষণা কৰিলে শাসকীয় বিজেপিৰ জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকনে। ফুকনে সদৰি কৰে যে, অচিৰেই কংগ্ৰেছৰ ৮গৰাকী বিধায়কে যোগদান কৰিব বিজেপিত।
কংগ্ৰেছৰ এই ৮গৰাকী বিধায়কৰ নাম প্ৰকাশত অনিচ্ছুক ফুকনে কয় এই ৮গৰাকী বিধায়কৰ নাম গোপনীয়ভাৱে ৰখা হৈছে। এই বিধায়কসকলক লৈ এক বৃহত যোগদান কাৰ্যসূচী অনুষ্ঠিত হব বুলি সদৰি কৰে ফুকনে। বিধায়কগৰাকীৰ এই ঘোষণাৰ পাছতে এতিয়া প্ৰদেশ কংগ্ৰেছত ধুমুুহাৰ সৃষ্টি হৈছে।