ডিজিটেল ডেস্কঃ ধোৱাই থকা চৌকাত খৰি সোমোৱাই ভাত ৰন্ধা সেই দিনলৈ পুনৰ উভতিবই লাগিব। দামবৃদ্ধি, এটাৰ পিছত আনটো সামগ্ৰীৰ। দামবৃদ্ধিয়ে মাধমাৰ শোধাইছে জনতাক। চিলিণ্ডাৰৰ কথা ক’বই নোৱাৰি। এটা চিলিণ্ডাৰৰ দাম ১০০০ টকাতকৈও বেছি। এইবাৰ আকৌ বাঢ়িল চিলিণ্ডাৰৰ দাম। ঘৰুৱা চিলিণ্ডাৰত ৩.৫০টকাৰ বিপৰীতে বাণিজ্যিক চিলিণ্ডাৰত ৮ টকাকৈ বৃদ্ধি হৈছে দাম।
দেশৰ প্ৰায়বোৰ চহৰত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য এতিয়া ১০০০ টকাতকৈও বেছি। বৃহস্পতিবাৰে পুৱা পেট্ৰলিয়াম কোম্পানীয়ে পিনৰ ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্য ৩.৫০ টকা বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। ১৪.২ কেজি চিলিণ্ডাৰৰ দামে ১০০০ টকাৰ ঘৰ অতিক্ৰম কৰিছে। ঘৰুৱা চিলিণ্ডাৰৰ উপৰিও বাণিজ্যিক চিলিণ্ডাৰৰ দামো বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে পেট্ৰলিয়াম কোম্পানীয়ে। দুয়োবিধ চিলিণ্ডাৰৰ নতুন দৰ আজিৰে পৰাই সমগ্ৰ দেশতে কাৰ্যকৰী হৈছে।
১৪.২ কিঃগ্ৰাঃ আৰু ১৯ কিঃগ্ৰাঃ চিলিণ্ডাৰৰ বাবে জনসাধাৰণে পূৰ্বতকৈ অধিকে ধন ভৰিব লাগিব। এই বৃদ্ধিৰ পিছতেই দিল্লীত ১৯ কিঃগ্ৰাঃৰ গেছ চিলিণ্ডাৰৰ দাম হৈছেগৈ ২৩৫৪ টকা। একেদৰে কলকাতাত বাণিজ্যিক চিলিণ্ডাৰৰ দাম ২৪৫৪ টকালৈ বৃদ্ধি, মুম্বাইতো ২৩০৬ টকা হৈছেগৈ দাম।