1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 9:40 am

কভিডত আক্ৰান্ত বলীউড বাদশ্বাহ শ্বাহৰুখ খান…

  • Update Time : Sunday, June 5, 2022

ডিজিটেল ডেস্কঃ দেশত পুনৰ বৃদ্ধি হৈছে কৰ’না সংক্ৰমণৰ ঘটনা। মহাৰাষ্ট্ৰতো ভয়াৱহ হাৰত বাঢ়িছে কৰ’না সংক্ৰমণ। শেহতীয়াভাৱে বলীউড বাদশ্বাহ শাহৰুখ খানো আক্ৰান্ত হৈছে কভিডত। দেওবাৰে বলীউড অভিনেতা শ্বাহৰুখৰ দেহতো পোৱা গৈছে কভিডৰ উপস্থিতি। অভিনেতাগৰাকীয়ে নিজেই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে এই কথা। কৰণ জোহাৰৰ বাৰ্থডে পাৰ্টীৰ পিছতেই কৰ’না সংক্ৰমণ হোৱা বুলি প্ৰকাশ কৰিছে একাংশই।

বিগত কেইটা দিনতেই বলীউডৰ এটাৰ পিছত আনজন অভিনেতা আক্ৰান্ত হৈছে কৰ’নাত। কভিড পজিটিভ হোৱাৰ বাবেই বলীউড খিলাড়ী অক্ষয় কুমাৰেও যোগ দিব পৰা নাছিল কাঁ মহোৎসৱত। তাৰোপৰি অভিনেতা কাৰ্তিক আৰিয়ান, আদিত্য ৰয় কাপুৰৰো কৰ’নাত আক্ৰান্ত হোৱাৰ খবৰ ভাইৰেল হৈ পৰিছে। আনহাতে অভিনেত্ৰী কেটৰীণা কাঈফো কৰ’নাত আক্ৰান্ত হৈ বৰ্তমান সুস্থ হোৱা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, বিগত ২৫ মেত পৰিচালক কৰণ জোহাৰৰ পঞ্চাছ সংখ্যক বাৰ্থডে পাৰ্টী আছিল। বলীউডৰ প্ৰায়সংখ্যক অভিনেতাই এই পাৰ্টীত উপস্থিত আছিল। কৰণৰ বাৰ্থডে পাৰ্টীৰ পৰাই কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পোৱা বুলি সন্দেহ কৰিছে বহুসংখ্যকেই। পাৰ্টীৰ পিছতেই বৰ্তমানলৈ ৫০ গৰাকী লোক সংক্ৰমিত হৈছে কভিডত।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme