ডিজিটেল ডেস্কঃ মেগী প্ৰায়সংখ্যকৰে প্ৰিয় খাদ্যৰ ভিতৰত এটা। কিন্তু এই মেগীয়েই কাল হ’ল এহাল দম্পত্তিৰ ক্ষেত্ৰত। খাদ্যৰ তালিকাত দিনটোৰ তিনিসাঁজতেই মেগী ৰান্ধে পত্নীয়ে। দুই মিনিটতেই তৈয়াৰো হৈ যায়। পত্নীয়ে সেয়ে তিনিসাঁজতেই মেগীকেই ৰান্ধে। অৱশেষত মেগীয়েই দম্পত্তিহালৰ মাজলৈ আনিলে দূৰত্ব। মেগী খাই আমুওৱা পতিয়ে পত্নীগৰাকীয়ে বিচ্ছেদ বিছাৰি কাষ চাপিছে আদালতৰ। আদালতত আৰম্ভ হ’ল বিচাৰ প্ৰক্ৰিয়াও। মেগী বিবাদৰ জেৰাত শেষ পৰ্যন্ত পাৰস্পৰিক সন্মতিত দম্পত্তি হালে ঠিৰাং কৰিলে বিচ্ছেদকেই।
মেগীৰ বাবেই ঘটা বিবাহ বিচ্ছেদৰ এই ঘটনা কৰ্নাটকৰ বল্লৰি চহৰৰ। আদালতত মহিলাগৰাকীৰ স্বামীয়ে আনিছিল অইন বহুকেইটা অভিযোগো। স্বামীৰ অভিযোগ অনুসৰি পত্নিগৰাকীয়ে বজাৰলৈ গ’লেও কেৱল মেগীকেই বজাৰ কৰে। যুৱকজনে অনা আন এক অভিযোগ হৈছে পত্নীয়ে মেগীৰ বাদে অন্য খাদ্যবস্তু ৰান্ধিবও নাজানে। যাৰ বাবে মেগী খাই খাই অতিষ্ট স্বামীয়ে শেষ পৰ্যন্ত এই সিদ্ধান্ত ল’বলৈ বাধ্য হোৱা বুলি প্ৰকাশ কৰিছে।