ডিজিটেল ডেস্কঃ কিছুদিনৰ ব্যৱধানৰ মূৰত পুনৰ কটনক লৈ আৰম্ভ হ’ল বিৰ্তকৰ। একাংশ কটনিয়ানৰ বাবে বাৰে বাৰে আগশাৰীৰ শিক্ষানুষ্ঠানখন সোমাই পৰে অনাহক বিৰ্তকত। এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ গুৱাহাটী মহানগৰৰ সাধাৰণ সম্পাদক বিজয় পাঠকক আক্ৰমণ কৰাৰ অভিযোগত কটন বিশ্ববিদ্যালয়ৰ ৪গৰাকী শিক্ষাৰ্থীক আটক হ’ল।
উল্লেখ কৰা প্ৰয়োজন, বিজয় পাঠকৰ ওপৰত হোৱা আক্ৰমণ ইমানেই ভয়ংকৰ আছিল যে তেওঁৰ মূৰত পৰিছে ২১টাকৈ চিলাই। ইয়াৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ কাণ্ডৰ তদন্ত কৰি শনিবাৰে কটনৰ ৪গৰাকী শিক্ষাৰ্থীক আৰক্ষীয়ে আটক কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।
প্ৰাপ্ত তথ্য অনুসৰি, সোধ-পোছৰ অন্তত এই চাৰিও গৰাকী শিক্ষাৰ্থীক গ্ৰেপ্তাৰো কৰিছে আৰক্ষীয়ে।