ডিজিটেল ডেস্কঃ কৰ’নাই বিদায় কেতিয়া ল’ব! ভাৰতত এদিনতে ১,০৫৪ টা নতুন কৰ’না সংক্ৰমণৰ ঘটনা। দেশত বৰ্তমানলৈকে কৰ’না ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৪,৩০,৩৫,২৭১ লৈ বৃদ্ধি হৈছে। দেশৰ বহুকেইখন ৰাজ্যত কৰ’না সংক্ৰমণৰ ঘটনা উদ্বেগজনকভাৱে বৃদ্ধি হৈছে। দিল্লী, হাৰিয়ানা আৰু গুজৰাটত বিগত ৭ দিনত প্ৰতিদিনেই ভয়াৱহ হাৰত বাঢ়িছে সংক্ৰমণ। বিগত ২৪ ঘণ্টাত সমগ্ৰ দেশত ১০৫৪ টা নতুন সংক্ৰমণৰ ঘটনা। বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ২৯গৰাকী কৰ’না ৰোগীৰ।
দিল্লীত বিগত তিনিদিন ধৰি সংক্ৰমণৰ ঘটনা বৃদ্ধি পাইছে৷ শুকুৰবাৰে নতুনকৈ ধৰা পৰিছিল ১৪৬ কৰ’না সংক্ৰমিত ৰোগী।আৰু সুস্থতাৰ হাৰ আছিল ১.৩৯ শতাংশ।ইফালে গুজৰাটতো বিপদজনক পৰিস্থিতি। গুজৰাটত শনিবাৰে কভিড-১৯ত আক্ৰাণ্তৰ সংখ্যা আছিল ৩৪টা। ৰাজ্যখনত সাত দিনত গড়ে ১৫ লৈ বৃদ্ধি পাইছে সংক্ৰমণৰ ঘটনা। ৰাজ্যখনত বৰ্তমানলৈ মুঠ আক্ৰান্তৰ সংখ্যা হৈছে ১২,২৪,০২৫ লৈ বৃদ্ধি হৈছে।
উল্লেখ্য যে হাৰিয়ানাতো উদ্বেগজনক ভাৱে বাঢ়িছে কৰ’না আক্ৰান্তৰ সংখ্যা। হাৰিয়ানাত বিগত ১০ দিনত দৈনিক ৰোগীৰ সংখ্যা দুগুণতকৈও অধিক হৈছে। গুৰুগ্ৰামত বিগত ২৪ঘণ্টাত ২৭০ টা সংক্ৰমণৰ ঘটনা আনহাতে ফৰিদাবাদত ৩৪ টা আৰু চনিপটত ৮টা সংক্ৰমণৰ ঘটনা। ৰাজ্যখনত দৈনিক সংক্ৰমণৰ হাৰ ০.৩৩ শতাংশৰ পৰা ১.৪৭ শতাংশলৈ বৃদ্ধি হৈছে।
তিনি ৰাজ্যৰ সংক্ৰমণ বৃদ্ধিৰ পিছতেই কেন্দ্ৰইয়ো দিছে বিশেষ সতৰ্কবাণী। কেন্দ্ৰই কেৰালা, দিল্লী, হাৰিয়ানা, মহাৰাষ্ট্ৰ আৰু মিজোৰাম চৰকাৰলৈ বিশেষ সতৰ্কবাণী প্ৰেৰণ কৰিছে। দেশৰ স্বাস্থ্য সচিবে এই ৰাজ্যসমূহক সতৰ্কতা বৃদ্ধি কৰিবলৈ আৰু সংক্ৰমণ বৃদ্ধিৰ ওপৰত নজৰ ৰাখিবলৈ নিৰ্দেশ দিছে। ৪খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে প্ৰেৰণ কৰিছে এই বিশেষ নিৰ্দেশনা।