ডিজিটেল ডেস্কঃ দেশত প্ৰতিদিনেই বৃদ্ধি হৈছে কৰ’না সংক্ৰমনৰ ঘটনা। দৈনিক ১৬ শতাংশকৈ বৃদ্ধি হৈছে আক্ৰান্তৰ সংখ্যা। দেশত দৈনিক কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৩৩ গৰাকীকৈ লোক। ইফালে বিভিন্ন মহলে উত্থাপিত কৰা অনুসৰি দেশত কৰ’না সংক্ৰমনৰ হাৰ হ্ৰাস হৈছে। চিন, উত্তৰ কোৰিয়াকে ধৰি একাধিক দেশত কৰ’না পৰিস্থিতি সুস্থিৰ হৈছে। ভাৰততো বৰ্তমান পূৰ্বতকৈ কমিছে আক্ৰান্তৰ সংখ্যা।
ICMR-য়ে দাঙি ধৰা তথ্যমতে ভাৰতত কৰ’নাৰ চতুৰ্থ ঢৌৰ কোনো আশংকা নাই। তথাপিও কিন্তু কভিড বিধিক উপলুঙা কৰি চলিব নোৱাৰি তাৰবাবে সতকৰ্তামূলক জাননীও স্বাস্থ্য মন্ত্ৰণালয়ে জাৰি কৰিছে।
বুধবাৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে কোৱা অনুসৰি ২৪ ঘণ্টাত দেশত কৰ’না আক্ৰান্তৰ সংখ্যা ১৮২৯ জন। যি সংখ্যা পূৰ্বৰ তুলনাত ১৬ শতাংশ বেছি। এই সংখ্যাৰ ভিতৰত সৰ্বাধিক আক্ৰান্তই হৈছে দিল্লীৰ।
দিল্লীত এদিনত আক্ৰান্ত হৈছে ৩৯৩ জন। দ্বিতীয়তে সৰ্বাধিক আক্ৰাম্ত ৰাজ্যৰ ভিতৰত আছে মহাৰাষ্ট্ৰ। বৰ্তমানলৈ দেশত সৰ্বাধিক কৰ’না আক্ৰান্ত লোকৰ সংখ্যা হৈছে ৪কোটি ৩১ লাখ ২৭হাজাৰ ১৯৯জন।