1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:32 am

সাৱধান! বাঢ়িছে কৰোনাঃ মৃতকৰ সংখ্যা হ’লগৈ ৫লাখ ২৫হাজাৰ…

  • Update Time : Friday, July 1, 2022

ডিজিটেল ডেস্কঃ  কৰোনাৰ গতি পুনৰ বাঢ়িছে দেশত। শেহতীয়াকৈ বিগত ২৪ঘন্টাত দেশত ১৭হাজাৰো অধিক লোক আক্ৰান্ত হৈছে কৰোনাত। ২৪ঘন্টাত ১৭হাজাৰ ১৭গৰাকী লোক নতুনকৈ কৰোনাত আক্ৰান্ত হোৱাৰ বিপৰীতে ২৩গৰাকী ৰোগীৰ মৃত্যু হৈছে।

ইতিমধ্যে দেশত কৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫লাখ ২৫হাজাৰ হৈছেগৈ। ইফালে বিগত দিনকেইটাত বৃদ্ধি পোৱা কৰোনাৰ প্ৰকোপৰ ফলত বৰ্তমান দেশত চিকিতসাধীন অৱস্থাত আছে ১লাখ ৭হাজাৰ ১৮৯গৰাকী ৰোগী।

উল্লেখ কৰা প্ৰয়োজন যে, দেশত এতিয়ালৈকে 197.74 কোটি লোকক প্ৰদান কৰা হৈছে কৰোনাৰ ভেকচিন।  বিগত ২৪ঘন্টাত কৰোনাত আক্ৰান্ত হৈ প্ৰাণ হেৰুওৱা ২৩গৰাকীৰ ভিতৰত ১৫গৰাকীয়েই কেৰালাৰ।

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme