1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:36 am

পহিলা দিনটোত অসমত কৰোনাই ল’লে এজনৰ প্ৰাণ, বাঢ়িছে আক্ৰান্তৰ সংখ্যাও…

  • Update Time : Saturday, January 1, 2022

ডিজিটেল ডেস্কঃ বছৰৰ পহিলা দিনটোত কৰোনাই প্ৰাণ ললে ১জন লোকৰ। শেহতীয়াকৈ স্বাস্থ্য বিভাগে সদৰি কৰিছে এই তথ্য। ইফালে ২০২২ৰ প্ৰথম দিনটোত ১৫০গৰাকী লোক নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে অসমত।  ১৫০গৰাকীৰ ভিতৰত ৭৬গৰাকী কামৰূপ মেট্ৰ, ১৭গৰাকী কামৰূপ গ্ৰাম্য আৰু ৮গৰাকী কাছাৰৰ।

১জানুৱাৰীৰ দিনটোত যোৰহাটত কৰোনাত আক্ৰান্ত হৈছে ৮গৰাকী ব্যক্তি। ইফালে ভাল লগা খবৰটো হৈছে আজিৰ দিনটোত ১০২গৰাকী ৰোগী সুস্থ হৈ ঘৰলৈ উভতিছে।  ৰাজ্যত এতিয়াও ৰাজ্যত কৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৯১৮জন ৰোগী। উল্লেখ্য যে, এতিয়ালৈকে অসমত প্ৰৱেশ কৰা নাই কৰোনাৰ নতুন ভেৰিয়েন্টা অমিক্ৰনে।

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme