ডিজিটেল ডেস্কঃ অসমত দেওবাৰৰ দিনটোত কৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছে ২হাজাৰ ২২৭গৰাকী। ১৩গৰাকী ৰোগীৰ মৃত্যু হৈছে দেওবাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে এই কথা সদৰি কৰিছে। টুইটত উল্লেখ থকা অনুসৰি ৰাজ্যত বৰ্তমান পজিটিভিটিৰ হাৰ হৈছে ১২.৫৭শতাংশ। অসমৰ বৰ্তমান আৰোগ্যৰ হাৰ হৈছে ৯২.৫৭শতাংশ।
ইফালে মহাৰাষ্ট্ৰত কোৰোনাকেন্দ্ৰিক পৰিস্থিতি অধিক অৱনতি ঘটিছে। ২৪ঘন্টাত মহাৰাষ্ট্ৰত মহাৰাষ্ট্ৰত ৪০হাজাৰো অধিক লোক আক্ৰান্ত হোৱাৰ লগতে ৪৪গৰাকী লোকৰ মৃত্যু হৈছে