ডিজিটেল ডেস্কঃ থানাৰ ভিতৰত অপৰাধীৰ গুৰুলা-গুৰুলকৈ পিটা আপুনি দেখিছে, কিন্তু থানাৰ ভিতৰত এগৰাকী আৰক্ষীক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰা দেখিছেনে! যদি দেখা নাই চাওক এই ভিডিঅ-
थाने के अंदर पुलिस वाले की पिटाई, मांगता रहा माफी; वीडियो में थप्पड़ मारते दिखे लोग @NeerajGaur_ #Delhi pic.twitter.com/UTyCzZDEbZ
— Zee News Crime (@ZeeNewsCrime) August 6, 2022
দেখিলেনে, থানাৰ ভিতৰত একাংশ লোকে কেনেকৈ প্ৰহাৰ কৰিছে আৰক্ষী গৰাকীক। এই ঘটনা সংঘটিত হৈছে দিল্লীত। দিল্লীৰ আনন্দ বিহাৰ থানাত সংঘটিত হোৱা এই ঘটনাৰ পাছতে দিল্লী আৰক্ষীয়ে তদন্তৰ ঘোষণা কৰিছে। থানাৰ ভিতৰতে এনেদৰে হাতত আইন তুলি লৈ প্ৰহাৰ কৰা এনে লোকক সাৰি যাবলৈ দিয়া নহব বুলি কয় দিল্লী আৰক্ষীয়ে।
উল্লেখ কৰা প্ৰয়োজন যে, থানাৰ ভিতৰতে এনেদৰে প্ৰহাৰ কৰা পাছত আৰক্ষী গৰাকীয়ে তেওঁক এৰি দিবলৈ বাৰে বাৰে অনুৰোধ কৰিছিল যদিও তেওঁলোকে কানসাৰেই দিয়া নাছিল আৰক্ষীগৰাকীৰ আহ্বানলৈ। যোৱা ৩আগষ্টত এই ঘটনা সংঘটিত হৈছিল।