1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:40 am

কাইলৈ ৰিজাল্ট, তাৰ আগতেই হিমন্ত বিশ্ব শৰ্মাক কিয় লগ ধৰিলে মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে…

  • Update Time : Wednesday, March 1, 2023

ডিজিটেল ডেস্কঃ মেঘালয়ত হৈ যোৱা নিৰ্বাচনৰ ভোটগণনা হব ২মাৰ্চত তথা কাইলৈ।  নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱা এদিনৰ আগত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লগ ধৰিবলৈ আহিল গুৱাহাটীলৈ। প্ৰাপ্ত তথ্য অনুসৰি,  মঙলবাৰে নিশা গুৱাহাটীৰ এখন হোটেলত সাক্ষাৎ কৰে  মুখ্যমন্ত্ৰী গৰাকীক।

এনপিপি নেতৃত্বাধীন মেঘালয় ডেমক্ৰেটিক এলায়েন্সৰ (এমডিএ) অংশ হিচাপে বিজেপি আৰু এনপিপিয়ে যোৱা পাঁচ বছৰ ধৰি মেঘালয়ত চৰকাৰ চলাই আহিছে। কিন্তু এইবাৰ দুয়োটা দলে অকলে নিৰ্বাচনত নামিছিল।

ইফালে হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে সদৰি কৰিছে যে, ত্ৰিপুৰা, নাগালেণ্ড বা মেঘালয়ত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে এন ডি এ চৰকাৰ গঠন কৰিব।

 

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme