ডিজিডেল ডেস্কঃ ‘প্ৰকৃত যুজাৰুৱে কাহানিও দলত্যাগ নকৰে৷ যুঁজত নামিলে হৰা-জিকা থাকেই৷ কাপুৰুষসকলেহে দলত্যাগৰ কথা ভাৱে৷’ এটা পুৰণি টুইট৷ এই টুইটোৰ কথা পুনৰ চৰ্চালৈ অহাৰ কাৰণ এটাই৷ এই টুইট কৰা কংগ্ৰেছ নেতাগৰাকীয়েই আজি ত্যাগ কৰিলে দল৷ বুধবাৰে হাৰ্দিক পেটেলে ত্যাগ কৰিছে কংগ্ৰেছ দল৷ গুজৰাটৰ কংগ্ৰেছ নেতাগৰাকীয়ে দলটোৰ উচ্চস্তৰীয় নেতৃবৰ্গলৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ৷
কিছু সময় পূৰ্বে দলত্যাগ পত্ৰও টুইটযোগে প্ৰকাশ কৰা হাৰ্দিক পেটেলে লিখিছে,‘ মই কংগ্ৰেছ দলৰ সকলো পদবীৰ লগতে প্ৰাথমিক পদৰ পৰাও পদত্যাগ কৰিছো৷ মোৰ বিশ্বাস গুজৰাটৰ প্ৰতিগৰাকী জনতা তথা মোৰ অনুৰাগীমহলে মোৰ এই সিদ্ধান্তক গ্ৰহণ কৰিব৷ গুজৰাটৰ উন্নয়নৰ স্বাৰ্থত মই সদায়েই মাত মাতি যাবলৈ কিন্তু বদ্ধপৰিকৰ৷’
২০১৯চনত কংগ্ৰেছত যোগদান কৰা পেটেলে ছোনীয়া গান্ধীলৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ৷ পদত্যাগ পত্ৰত হাৰ্দিকে উল্লেখ কৰা অনুসৰি ‘গুজৰাটৰ কংগ্ৰেছ নেতৃবৰ্গই এতিয়া মোবাইল চোৱাতহে অত্যাধিক সময় দিয়ে৷ গুজৰাটবাসীৰ সমস্যা, অভাৱ অভিযোগ শুনাৰ সময় নাই এইসকল নেতৃত্বৰ৷ যাৰবাবে দলটো জহি-খহি যোৱাৰ উপক্ৰম৷’
আনহাতে সদ্য কংগ্ৰেছ ত্যাগী পেটেলে বিজেপিত অচিৰেই যোগদানৰ বাবেই দলত্যাগ কৰা বুলিও প্ৰকাশ কৰা পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে, কংগ্ৰেছ ত্যাগ কৰাৰ পিছতেই দল বাগৰা নেতা সন্দৰ্ভত পূৰ্বতে কৰা উক্ত টুইটতো ডিলিট কৰি দিছে পেটেলে৷