1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:21 am

বিজেপি আই টি চেলৰ জন্মদাতা তথা LDPৰ নেতা প্ৰদ্য়ুত বৰাই যোগদান কৰিলে কংগ্ৰেছত…

  • Update Time : Tuesday, March 21, 2023

ডিজিটেল ডেস্কঃ বিজেপি আই টি চেলৰ জন্মদাতা তথা এল ডি পিৰ নেতা প্ৰদ্যুত বৰাই শেহতীয়াকৈ যোগদান কৰে কংগ্ৰেছত। একালৰ বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে টুইটযোগে জানিবলৈ দিয়া মতে, ভাৰতত বৃদ্ধি পোৱা ঘৃণা আৰু অসত্যৰ পৰা দেশবাসীক মুক্ত কৰিবলৈ এলডিপিয়ে কংগ্ৰেছত চামিল হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

টুইটাৰত তেওঁ লিখিছে এনেদৰে- ‘আমাৰ দল এল ডি পিয়ে কংগ্ৰেছৰ সৈতে একত্ৰিত হোৱাৰ সিদ্ধান্ত লৈছে। আমাৰ দলৰ সদস্যসকলৰ এক বিপুল সংখ্যকে অনুভৱ কৰে যে দেশখনক আৱৰি ৰখা ঘৃণা আৰু অসত্যৰ চাঁদৰ আতৰাবলৈ ভাৰতে এক ঐক্যবদ্ধ বিৰোধী দল গঢ়ি তোলাৰ প্ৰয়োজন আছে।”

বৰাই লগতে প্ৰকাশ কৰা মতে, সমৰ্থকৰ সামুহিক সিদ্ধান্তৰ প্ৰতি সন্মান জনাই তেওঁৰ দলটোৱে কংগ্ৰেছত চামিল হ’ব বিচাৰিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme