1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:39 am

কংগ্ৰেছে দুৰ্নীতি-বাল্য বিবাহ এইবোৰ ভাল পায়…

  • Update Time : Tuesday, February 7, 2023

ডিজিটেল ডেস্কঃ বাল্যবিবাহৰ বাবে দায়ী কংগ্ৰেছ৷ এই অভিযোগ আনিলে বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই৷ কংগ্ৰেছ অপসংস্কৃতিক ভাল পায় বুলি অভিযোগ আনি কংগ্ৰেছ দলে বেয়া আৰু অপ-সংস্কৃতিক ভাল বুলি কয় ভবেশ কলিতাই। যিটো বেয়া সেইটো কংগ্ৰেছ দলৰ বাবে ভাল। দুৰ্নীতি কংগ্ৰেছৰ বাবে ভাল।

বাল্য বিবাহ কংগ্ৰেছৰ বাবে ভাল। এনেদৰে বিৰোধী দল কংগ্ৰেছক তীব্ৰ আক্ৰমণ কৰে ভবেশ কলিতাই৷ ৰঙিয়াৰ উদিয়ানাত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি বাল্যবিবাহ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই। কংগ্ৰেছ দলক প্ৰশ্ন ৰঙিয়াৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয় যে কংগ্ৰেছৰ মতে বেয়া কি বুলি কয় যে প্ৰশ্ন কৰি বাল্যবিবাহ হৈছে সামাজিক ব্যাধি।

কোনো এজনী ভগ্নী যাতে ১৮ বছৰৰ আগত বিবাহপাশত আবদ্ধ নহয় তাৰ বাবে আহ্বান জনায়। মাতৃত্বৰ বোজা ল’ব নালাগে। এই সামাজিক ব্যাধি সমাজৰ পৰা দূৰ কৰিব লাগিব। বাল্য বিবাহৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি ব্যৱস্থা লৈছে সেয়া উচিত ব্যৱস্থা লৈছে। অনাগত দিনত বাল্যবিবাহ প্ৰথাটো দূৰ হ’ব বুলি আশা প্ৰকাশ কৰে ৰঙিয়াৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme