ডিজিটেল ডেস্কঃ অসম প্ৰদেশ কংগ্ৰেছ নাৰী নিৰ্যাতনৰ অভিযোগ দীৰ্ঘদিনীয়া। কেতিয়াবা যদি প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ তৃণমূলৰ নেতা ৰিপুণ বৰা, কেতিয়াবা আকৌ অন্য এজনৰ ওপৰত উঠে নাৰী নিৰ্যাতনৰ অভিযোগ। খোদ দলীয় মহিলা কৰ্মীয়েই এনে অভিযোগ সততে উত্থাপন কৰা দেখা যায়। এইবাৰ অসম প্ৰদেশ কংগ্ৰেছৰ অন্য এগৰাকী নেতা অপূৰ্ব ভট্টাচাৰ্যৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ আনিলে এগৰাকী মহিলা কৰ্মীয়ে।
ভৱানী কলিতা নামৰ এগৰাকী মহিলাই অপূৰ্ব ভট্টাচাৰ্যৰ বিৰুদ্ধে অভিযোগ আনি কলে- পিছ ফালৰ পৰা মোক অপূৰ্ব ভট্টাচাৰ্যই গবা মাৰি ধৰিছিল’। ‘ৰাজীৱ ভৱনত সুৰক্ষীত নহয় মহিলা। গতিকে ইয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা সভাপতিয়ে গ্ৰহণ কৰিব লাগে। ভৱানী কলিতাই লগতে আইনৰ কাষ চপাৰ কথাও সদৰি কৰে।
উল্লেখ কৰা প্ৰয়োজন যে, এতিয়ালৈকে এই বিষয়ক লৈ আনুষ্ঠানিক মন্তব্য প্ৰকাশ কৰা নাই কংগ্ৰেছ নেতা অপূৰ্ব ভট্টাচাৰ্যই।