ডিজিটেল ডেস্কঃ কেতিয়াবা ভাৱি চাইছেনে আমাৰ দেশৰ ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে কিমান টকাৰ দৰমহা পায়। নাইবা আপুনি জানেনে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কিমান টকাৰ দৰমহা পায়। আজি জানো আহক এওলোকৰ দৰমহাৰ বিষয়ে।
দেশৰ প্ৰথম নাগৰিক তথা ৰাষ্ট্ৰপতিয়ে কিমান টকাৰ দৰমহা পায় আপুুনি শুনিলে আচৰিত হব। আমাৰ দেশৰ ৰাষ্ট্ৰপতিয়ে দৰমহা পায় ৫লাখ টকা। ইয়াৰ লগত থাকে অন্যান্য সুবিধা সমূহ।
ইফালে উপৰাষ্ট্ৰপতিয়ে দৰমহা পায় ৪লাখ টকা আৰু প্ৰধানমন্ত্ৰীয়ে দৰমহা পায় ২লাখ টকা। এই দৰমহাৰ উপৰিও এওলোকৰ ঘৰ, গাড়ীৰ লগতে অন্যান্য বিভিন্ন সুবিধা উপলদ্ধ থাকে।
ইফালে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে দৰমহা হিচাপে লাভ কৰে মাহে ৫০হাজাৰ টকা। দেশৰ ভিতৰত কেৱল উৰিষ্যাৰ মুখ্যমন্ত্ৰীয়েহে ১লাখ টকাৰ দৰমহা লয়। বাকী সকলো ৰাজ্যতে এগৰাকী মুখ্যমন্ত্ৰীয়ে দৰমহা পায় ৫০হাজাৰ টকা। অসমৰ মুখ্যমন্ত্ৰীয়েও ঠিক তেনেদৰে লাভ কৰে ৫০হাজাৰ টকাৰ দৰমহা। বাকী বিভিন্ন সুবিধা সমূহ সুকীয়াকৈ লাভ কৰে তেওঁলোকে।