1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 6:30 am

প্ৰতিবাৰেই বিৰোধীৰ কৌশল মষিমূৰ কৰি তেওঁ আজুৰি আনে বিজয়…

  • Update Time : Wednesday, March 9, 2022

ডিজিটেল ডেস্কঃ একাংশই তেওঁক দিনে-ৰাতিয়ে সমালোচনা কৰে।  সীমাৰ বাহিৰত গৈয়ো বহুতে তেওঁক সমালোচনা কৰে। কিন্তু তেওঁৰ জনপ্ৰিয়তা তথা সাধাৰণ ৰাইজৰ মনত তেওঁ নতুনকৈ গঢ়া সেই ইমেজ বা আসনখন কোনেও লৰাব নোৱাৰে। সেইকথাই প্ৰতিটো নিৰ্বাচনত প্ৰমাণিত হৈ আহিছে। কি ৰাজ্যসভা, কি বিধানসভা, কি পঞ্চায়ত বা কি পৌৰসভা, সকলোতে সন্মুখৰ পৰা নেতৃত্ব দি তেওঁ প্ৰমাণ কৰিছে যে, বিজয় এনেকৈয়ে আহে, শত্ৰুক এনেকৈয়ে পৰাভূত কৰিব পাৰি।

যিমান কটাক্ষ কৰিলেও তেওঁ জানে কত, কেনেকৈ আৰু কাক মেনেজ কৰিব লাগে। তেওঁ জানে ৰাজনীতিত আউল ক’ত লাগে আৰু সেই আউল কেনেকৈ মষিমূৰ কৰিব পাৰি। যিটো দলতে তেওঁ থাকে সেই দলটোৰ সফলতাৰ মৰণপণ কৰি হলেওঁ তেওঁ যুঁজ দিয়ে। ৰাজনৈতিক সকলো কথা কৌশলেৰে ব্যক্ত কৰি বিৰোধীৰ অংকত কেনেকৈ আউল লগাব জানে তেওঁ জানে। আৰু সেইবাবেই হয়তো অসমৰ ৰাজনীতিৰ আজিৰ দিনত তেওঁ অপ্ৰতিৰোধ্য।

শেহতীয়াকৈ তেওঁৰ ৰাজনৈতিক অংকৰ  ততেই ধৰিব নোৱাৰিলে বিৰোধী আটাইকেইটা দলে। কেৱল যেন চাই থকাৰ বাহিৰে এক গত্যন্তৰ নাই। নিৰ্বাচনত বিৰোধীক আউট কৰাৰ বাবে কি বল খেলিব লাগিব, তাৰ ৰণনীতি তেৱেঁই প্ৰস্তুত কৰিছিল। আগৰ বহুকেইটা নিৰ্বাচনত তেওঁক ৰাজনৈতিক বিশ্লেষক সকলে চাণক্য উপাধিৰে বিভূষিত কৰিছিল।  বিটিচি নিৰ্বাচন, বিধান সভা নিৰ্বাচন, লোকসভা নিৰ্বাচনৰ পাছত এইবাৰৰ  পৌৰসভা নিৰ্বাচনতো নিশ্চিতভাৱে চাণক্য হৈছে তেৱেই। যাৰ বাবে ৮০খন পৌৰসভাৰ ভিতৰত বিৰোধী নিশ্চিহ্ন কৰি বিজেপিয়ে পালে ৭৫খন আসন। তেৱেই হৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা…

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme