1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 9:54 am

মুখ্যমন্ত্ৰীৰ বুজনি! চাহত নিমখ নাখাব, ব্ৰিটিছে অপমৃত্যু দিবলৈকে চাহ শ্ৰমিকক নিমখ খুৱাইছিল

  • Update Time : Wednesday, May 25, 2022

ডিজটেল ডেস্কঃ চাহ কেনেকৈ খাব? চাহত নিমখ দি খাব নালাগে। চাহত নিমখ খোৱা মানেই সোনকালে মৃত্যু মাতি অনা৷ কেৱল নিমখেই নহয় বেয়া বস্তুবোৰো কোৱা কমাব লাগিব৷ চাহ জনগোষ্ঠীয় লোকসকললৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ আহ্বান৷

ব্ৰিটিছে চাহ জনগোষ্ঠীয় লোকসকলক অপমৃত্যু দিবৰ বাবেই চাহত নিমখ খোৱাৰ অভ্যাস গঢ়ি দিছিল৷ চাহত নিমখ খাবলৈ শিকোৱাৰ আঁৰত আছিল ব্ৰিটিছৰ কেইবাটাও কুটনৈতিক পলিছী৷ প্ৰথম কথাই আছিল চাহ বাগানৰ কৰ্মচাৰীসকলক অপমৃত্যু দিয়া৷ কিয়নো চাহ শ্ৰমিক একোজন বহুবছৰলৈ জীয়াই থাকিলে তেওঁক পেঞ্চন দিব লাগিব৷ ৰিটায়াৰ্ডমেণ্টৰ পিছৰ দায়িত্বৰ পৰা হাত হাৰিবলৈকে এনে পন্থা লৈছিল ব্ৰিছিছে৷ ইয়াৰোপৰি চাহ বাগিছাত একোখন হাস্পতাল বা চিকিৎসক ৰাখিলে খৰছৰ পৰিমান বাঢ়িব, যাৰবাবে সোনকালেই মৃত্যু কাম্য কৰিছিল এইসকল লোকৰ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাহ বাগানীয়া লোকসকলক কেন্দ্ৰ কৰি প্ৰদান কৰা ভাষণত এই গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে৷ ইয়াৰোপৰি চাহ শ্ৰমিকৰ প্ৰায়সংখ্যকেই সস্তীয়া চুলাই সেৱন কৰে৷ সেই অভ্যাসো আঁতৰাবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে৷

আনহাতে চাহ শ্ৰমিকৰ শিশুসকলৰ শিক্ষিত একোটা ভৱিষ্যত গঢ় দিবৰ বাবেও মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰা মডেল স্কুল সম্পৰ্কেও মন্তব্যত উল্লেখ কৰিছে৷ শিক্ষিত হওক৷ সমাজৰ সকলো শ্ৰেণীৰ সমানেই এওঁলোকো আগুৱাই যাওক বুলি কোৱাৰ লগতে আগন্তুক সময়ত চাহ শ্ৰমিকৰ সন্তানে ভাল ৰিজাল্ট কৰিলে গামোছা নিজেই পিন্ধাবলৈ যাব বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme