ডিজিটেল ডেস্কঃ টৰ্চ লাইটত বেটাৰী নাই, কংগ্ৰেছৰ কটা হাতৰ কাম নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাৰ্বিআংলঙৰ এখন ৰাজহুৱা সভাত কৰিছে এই মন্তব্য। শৰীৰৰ পৰা হাতখন বিচ্ছিন্ন কৰি দিয়াৰ পিছত টুকুৰা হাতখন কোনো কামৰেই হৈ নাথাকে বুলি কংগ্ৰেছ দলক ৰাজহুৱা মঞ্চতেই কটাক্ষ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে পোহৰ নোহোৱা টৰ্চ থকাতকৈ নথকাই ভাল বুলি কোৱাৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, কাৰ্বিআংলং কাউন্সিল ইলেকচনত কংগ্ৰেছক ভোট দিবলৈ যোৱাতকৈ পইতা ভাত খাই ঘৰতে শুই থাকক বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণ প্ৰসংগত উল্লেখ কৰিছে।