ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিচৰাৰ ধৰণেই অৱশেষত তেওঁলৈ আহিল শ্বাহৰুখ খানৰ ফোন। নিশা ২বজাত মুখ্যমন্ত্ৰীলৈ ফোন বলিউদৰ কিং খান শ্বাহৰুখ খানৰ। ‘পাঠন’ৰ দৰ্শনীত হোৱা অনাকাংশিত ঘটনাকলৈ আলোচনা দুয়োজনৰ মাজত। ‘পাঠান’ বোলছবি প্ৰদৰ্শনত কোনোধৰণৰ আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি নহয় বুলি শ্বাহৰুখ খানক আশ্বাস প্ৰদান মুখ্যমন্ত্ৰীৰ।
উল্লেখ কৰা প্ৰয়োজন যে, শনিবাৰে সংবাদমেলত পাঠানক লৈ দিয়া মন্তব্যৰ পাছতে তীব্ৰ চৰ্চা হৈছিল । আৰু তাৰ পাছতে গভীৰ নিশা মুখ্যমন্ত্ৰীলৈ ফোন আহিল কিং খান। শ্বাহৰুখে ফোন কৰাৰ কথা নিজে ছচিয়েল মিডিয়া যোগে সদৰি কৰিলে মুখ্যমন্ত্ৰীয়ে।