ডিজিটেল ডেস্কঃ জি এম চি নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন। তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। শাসক-বিৰোধীৰ সকলো নেতা নামি পৰিছে প্ৰচাৰ অভিযানত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও এই দিনকেইটাত কেইবাখনো জনসভাত অংশ লৈছে। নাৰেংগী, মালিগাৱকে ধৰি কেইবাটাও ঠাইত বিশাল জনসভাত অংশ লৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
মঙলবাৰে এখন নিৰ্বাচনী প্ৰচাৰত ড০ শৰ্মাই কয়- আজিকালি বহুদলে অসম্ভৱ কিছু প্ৰতিশ্ৰুতি দি আছে। সেয়া আচলতে চৰকাৰত থাকিলেও কৰিব নোৱাৰে। পৰাজয় হম বুলি নাইবা সম্যক জ্ঞান নথকাৰ বাবেই অসম্ভৱ বহু প্ৰতিশ্ৰুতি দি আছে। কিন্তু আমি নিৰ্বাচন বুলি মিছা কথা নকওঁ আজি কালি সকলো ৰেকৰ্ডিং হৈ থাকে।
গুৱাহাটীবাসীক এক প্ৰকাৰ অভয়বাণী প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- চিন্তাৰ কাৰণ নাই জুলাই মাহৰ পৰা গুৱাহাটী বাসীয়ে লাভ কৰিব পানী যোগান আঁচনি। তেওঁ কয়- প্রায় সম্পূৰ্ণ হৈছে জাইকা প্ৰকল্পৰ কাম আগন্তক ১ বছৰত ১ লাখ লোকক পানী যোগানৰ প্ৰতিশ্ৰুতি আমি ৰাইজক প্ৰদান কৰিছো।