1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 23, 2024, 12:32 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

ভিক্টৰ দাসক লৈ কঠোৰ মুখ্যমন্ত্ৰীঃ তেওঁ কোনো প্ৰমাণেই দিব পৰা নাই…

  • Update Time : Wednesday, September 14, 2022

ডিজিটেল ডেস্কঃ কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ নৱনিৰ্মিত ভৱনটিৰ উদ্ধোধনী অনুষ্ঠানত বুধবাৰে অংশগ্ৰহন কৰি সংবাদ মেল সম্বোধন কৰা মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকে ৰাজ্যচৰকাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত দলালৰাজ চলা অভিযোগ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰাত ভিক্টৰ দাসৰ সন্দৰ্ভত মন্তব্য কৰি মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যদি তথ‍্য আছে সাংবাদিকসকলকেই কৈ দি দিব পাৰে। কিন্তু ভিত্তিহীন অভিযোগেৰে ৰাইজক অবিশ্বাসৰ মাজলৈ ঠেলি দিব নালাগে।

জেম্‌চ বণ্ডৰ দৰে কথা ক’লে কেনেকৈ হ’ব? এনেদৰ যদি ভিত্তিতহীন অভিযোগ আনি থাকে অসমত পৰীক্ষাই পাতিব পৰা নহ’ব। ফলত চাকৰি প্ৰত‍্যশীসকলে বাচনি পৰীক্ষা নিদিয়া হ’ব, ভয় খাব; নিবনুৱা যুৱক-যুৱতীৰ সংখ‍্যা বাঢ়ি গৈ থাকিব। ভিক্টৰৰ অভিযোগৰ তদন্ত কৰিবলৈ গৈও আৰক্ষীয়ে সঠিক উত্তৰ লাভ কৰা নাই। ভিক্টৰে বাৰে-বাৰে শুনিছোঁ বুলি কয়, আন কোনো তথ‍্য দিব নোৱাৰে। গাড়ীৰ যিটো নম্বৰ দিলে , আৰক্ষীৰ তদন্তত সেই গাড়ীখনো আন এটা অপৰাধৰ লগত জড়িত থকাটোহে প্ৰমাণ হ’ল।

তেওঁ দিয়া ফোন নম্বৰটোৰো কোনো শুংসূত্ৰ আৰক্ষীয়ে লাভ নকৰিলে। কচিং চেণ্টাৰ চলাই থাকি নিজে এজন চৰকাৰী শিক্ষক হৈ শ্ৰেণীকোঠালৈত দুটাকৈ ম’বাইল ফোন লৈ তাতে ব‍্যস্ত থাকে বুলি বিদ‍্যালয়খন থকা গাঁৱৰ ৰাইজে অভিযোগো দিছে।অসমত এনে চক্ৰ বহুত আছে। এনে দুষ্টচক্ৰৰ মেৰুদণ্ড ভঙি দিয়া হ’ব।

জলসম্পদ বিভাগৰ নিযুক্তিৰ নামত প্ৰৱঞ্চকৰ জাল পতা কেইবাজনো লোকক ইতিমধ‍্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এই দুষ্কাৰ্য‍্য নিয়ন্ত্ৰণৰ বাবে চৰকাৰ অভিযান চলি আছে আৰু চলি থাকিব। অনতি পলমে ইয়াক নিয়ন্ত্ৰণ কৰিব পৰা যাব বুলি মুখ‍্যমন্ত্ৰীয়ে সাংবাদিককসকলক জানিবলৈ দিয়ে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme