1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:20 am

ক্লাছ নাইনত পাছ কৰিলেও পাব টেবলেট…

  • Update Time : Thursday, March 16, 2023

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে দাখিল কৰা অসম চৰকাৰৰ ২০২৩-২৪বিত্তীয় বৰ্ষৰ সাধাৰন বাজেটত বহুকেইটা গুৰুত্বপূৰ্ণ আৰু আমূল পৰিৱৰ্তন সাধিব পৰা ঘোষণা কেইটামান হয়। ইয়াৰ ভিতৰত এটা অন্যতম ঘোষণা হৈছে এতিয়াৰে পৰা নৱম শ্ৰেণীত ভালকৈ উৰ্ত্তীণ হলেও প্ৰদান কৰা হব টেবলেট। আজিৰ বাজেটত ঘোষণা কৰা অনুসৰি, নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক কেৰিয়াৰ সম্বন্ধীয় সজগতা সৃষ্টি কৰাৰ উদ্দেশ্যে ‘আৰোহণ’ নামৰ আঁচনিৰ শুভাৰম্ভ কৰা হৈছে। ধাৰাবাহিকতা ৰক্ষা কৰি এইবাৰো প্ৰথমস্থান লাভ কৰি নৱম শ্ৰেণীলৈ উৰ্ত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীলৈ টেবলেট প্ৰদান কৰা হ’ব।

উল্লেখ্য যে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত বিগত বৰ্ষত নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া চাইকেল, পাঠ্যপুথি,স্নাতক পৰ্যায়লৈ পাঠ্যপুথিৰ বাবে সাহাৰ্য, উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উৰ্ত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক স্কুটি প্ৰদান কৰা আদি সুবিধাসমূহ এইবাৰো অধিক সক্ৰিয়তাৰে অব্যাহত ৰাখিব। উল্লেখ কৰা প্ৰয়োজন যে, এইবেলি শিক্ষা বিভাগ বাবে ৩৩হাজাৰ কোটিৰো অধিক টকা ধাৰ্য কৰা হৈছে ২০২৩-২৪বৰ্ষৰ বাজেট।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme