ডিজিটেল ডেস্কঃ আজি আন্তঃৰাষ্ট্ৰীয় চকলেট দিৱস। সমগ্ৰ বিশ্বত ১৩ছেপ্তেম্বৰৰ দিনটো চকলেট দিৱস হিচাপে পালন কৰা হয়। আপুনি জানেনে চকলেট খালে আমাৰ দেহত কি কি উপকাৰ সাধন হয়। জানি লওঁক চকলেট খোৱাৰ ৩টা উপকাৰ-
আজিৰ সময়ত যুৱসকলৰ বাবে এয়া হৈছে আটাইতকৈ ডাঙৰ সমস্যা, যিসকল প্ৰাপ্তবয়স্কই নিয়মীয়াকৈ চকলেট খায়, তেওঁলোকৰ শৰীৰৰ ভৰ সূচক চকলেট নোখোৱা লোকসকলৰ তুলনাত কম থাকে । ই ওজন হ্ৰাস কৰাত সহায় কৰিব পাৰে ।
চাপ
ডাৰ্ক চকলেট খালে চাপ বঢ়োৱা হৰমন নিয়ন্ত্ৰণ কৰিব পাৰে। কোকোত থকা এণ্টিঅক্সিডেণ্টে চাপ উপশম কৰাত সহায় কৰিব পাৰে। এইটো বিশ্বাস কৰা হয় যে ডাৰ্ক চকলেট খোৱাটোৱে উচ্চ ৰক্তচাপসন্তুলিত কৰে।
ডাৰ্ক চকলেট খোৱাটোৱে ৰক্ত সঞ্চালন যথেষ্ট ভাল কৰি ৰাখে । চকলেটত পোৱা ফ্লেভানোলে তেজ গোট মৰা প্ৰতিহত কৰে, যি ৰক্ত সঞ্চালন উন্নত কৰে আৰু ইয়াক ত্বৰান্বিত কৰে ।