ডিজিটেল ডেস্কঃ প্ৰচণ্ড শিলাবৃষ্টি। ঘৰৰ মূধচ ফুটি যোৱা এই শিলাবৃষ্টি সোমবাৰে বিয়লি চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ এলেকাত সংঘটিত হয়। এই শিলাবৃষ্টিত কৃষি পথাৰৰ বিস্তৰ ক্ষতি সাধন হোৱাৰ লগতে কেইবাখনো গাঁৱৰ লোকৰ ঘৰ ভাগি পৰে।
বেংলত ৰাজহচক্ৰৰ অন্তৰ্গত টুক্ৰাঝাৰ, বালাঝাৰ, ২ নং শালবাৰী, শান্তিপুৰ, দেউশ্ৰী আদি কৰি বিভিন্ন গাঁৱত প্ৰচণ্ড ধুমুহাইও জোকাৰি যায় গাওঁবাসীক। ৰাইজে প্ৰশাসনক ক্ষতিগ্ৰস্তসকলক সহায়ৰ বাবে আ্হ্বান কৰিছে।