1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 23, 2025, 10:51 pm

আকৌ লকডাউনঃ আৰম্ভ ৱৰ্ক ফৰ্ম হোম, বন্ধ হ’ব অফিচ, স্কুল-কলেজ…

  • Update Time : Friday, March 11, 2022

ডিজিটেল ডেস্কঃ আকৌ লকডাউন। পুনৰ আৰম্ভ হৈছে ৱাৰ্ক ফৰ্ম হোম। কোনো জৰুৰীকালীন কামৰ বাহিৰে অন্য কাৰণত ঘৰৰ পৰা বাহিৰ ওলোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। পুনৰ ভয়ংকৰ ৰূপত আহিছে কৰোনা। চীনত পুনৰ আৰম্ভ কৰোনাৰ ত্ৰাস। কৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ ওপৰত লক্ষ্য ৰাখিয়েই চীনৰ চাংগচুনৰ উত্তৰ-পূৱ উদ্যোগিক কেন্দ্ৰত লকডাউন ঘোষণা কৰা হৈছে। এই চহৰ খনত প্ৰায় ৯ লাখ লোক আছে।

শুকুৰবাৰে জাৰি কৰা তথ্য অনুসৰি এই চহৰত লকডাউন ঘোষণা কৰা হৈছে, আৰম্ভ হৈছে ৱাৰ্ক ফৰ্ম হোম। শুকুৰবাৰে প্ৰায় ১,৩৬৯ জনকৈ লোক আক্ৰান্ত হয় কোৰোনাত। নিৰ্দেশনা অনুসৰি এই চহৰখনত বন্ধ থাকিব স্কুল-কলেজ। তাৰ সলনি পুনৰ আৰম্ভ হ’ব অনলাইন পাঠ্যক্ৰম।

অন্যহাতে কোনো জৰুৰীকালীন কামৰ বাহিৰে অন্য কাৰণত ঘৰৰ পৰা বাহিৰ ওলোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। নিৰ্দেশনা অনুসৰি এই চহৰ খনত বন্ধ থাকিব সকলো ধৰণৰ ব্যৱসায়। কেৱল অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকানহে থাকিব খোলা। লগতে বন্ধ কৰি দিয়া হৈছে যাতায়ত ব্যৱস্থাও। লগতে বাধ্যতামূলক কৰিছে কোৰোনাৰ পৰীক্ষা।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme