1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:21 am

চান্দাৰ ধান্দা কৰা সকল সাৱধান

  • Update Time : Saturday, November 27, 2021

ডিজিটেল ডেস্কঃ চান্দাৰ ধান্দা কৰা সকল সাৱধান। শেহতীয়াকৈ এই প্ৰসংগক লৈ অধিক কঠোৰ হৈছে অসম আৰক্ষীয়ে। যোৱা কেইটামান দিনতে ৰাজ্যৰ ভিন্ন স্থানত আৰক্ষীয়ে কেইবাটাও জাতীয় সংগঠনৰ কেইবাগৰাকীও নেতা-কৰ্মীক গ্ৰেপ্তাৰ কৰিছে। শেহতীয়াকৈ চান্দা বিচাৰি শিৱসাগৰত পুনৰ গ্ৰেপ্তাৰ জাতীয় সংগঠনৰ নেতা।

অনুসূচিত জাতি যুৱ পৰিষদৰ ৪ নেতা গ্ৰেপ্তাৰ কৰিছে শিৱসাগৰ আৰক্ষীয়ে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে চান্দা তোলা সংগঠনৰ বিৰুদ্ধে অধিক সক্ৰিয় হৈছে আৰক্ষীয়ে। ইফালে অনুসূচিত জাতি যুৱ পৰিষদে কেন্দ্ৰীয় নেতৃত্বই আৰক্ষীৰ বিৰুদ্ধে অভিযোগ কৰিছে যে- ষড়যন্ত্ৰমূলকভাৱে তেওঁলোকৰ সংগঠনৰ নেতাক গ্ৰেপ্তাৰ কৰিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme