1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:42 am

সুখ আৰু শান্তিত থাকিবলৈ পঢ়ক চাণক্যৰ এই ৯টা কথা…

  • Update Time : Tuesday, February 7, 2023

ডিজিটেল ডেস্কঃ

  1. মহিলাৰ বয়স আৰু পুৰুষৰ উপাৰ্জনৰ বিষয়ে কেতিয়াও সুধিব নালাগে, মহিলাই সদায় আনৰ বাবে জীয়াই আনহাতে পুৰুষে কেতিয়াও নিজৰ বাবে উপার্জন নকৰে। – চানক্য
  2. কাকো সৰু বুলি নাহাহিব, কাৰণ ভৰিৰ তলৰ দুৱৰী বন হে পূজাত লাগে মুৰৰ ওপৰৰ বৰগছ নহয়। – চানক্য
  3. অতিৰিক্ত অহংকাৰ পতনৰ লক্ষণ আৰু অতিৰিক্ত সৰলতা ঠগ খােৱাৰ লক্ষণ। – চানক্য
  4. সূৰ্যৰ তাপ আৰু পিতৃৰ ক্রোধ, দুয়ােটাই সহ্য কৰিব শিকক কাৰণ সূর্য ডুবিলে পৃথিৱী অন্ধকাৰ আৰু পিতৃ নহলে জীৱন অন্ধকাৰ হৈ যায়। – চানক্য
  5. মাটিত পৰা চেনী পিপৰাই হে উঠাব পাৰে হাতীয়ে নােৱাৰে, সৰু বুলি কাকো উপলুঙা নকৰিব, কেতিয়াবা সৰু মানুহেই বহুত ডাঙৰ কাম কৰিব পাৰে। – চানক্য
  6. অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ ভয় নকৰিবা, মনত ৰাখিবা ইতিহাসত অকল বিপ্লৱীবােৰৰ নাম হে লিখা থাকে ভৰি চেলেকাবােৰৰ নহয়। – চানক্য
  7. কৃপণ কেতিয়াও ধন সম্পত্তিৰ মালিক হ’ব নােৱাৰে ধন সম্পত্তিয়েই কৃপণৰ মালিক হয়। – চানক্য
  8. জীৱনত ডাঙৰ কিবা পালে সৰু বােৰক পাহৰি নাযাব, এটা সৰু বেজীয়ে যি কৰিব পাৰে এখন তৰােৱালে সেইটো কাম কৰিব নােৱাৰে। – চানক্য
  9. ঠাণ্ডাৰ দিনত যি ৰ’দক মানুহে ভাল পাই , গৰম দিনত সেই ৰ’দকে মানুহে তিৰস্কাৰ কৰে মানুহে তােমাক মূল্য সিমানদিনেই দিব, যিমানদিন মানুহক তােমাৰ প্রয়ােজন হ’ব। – চানক্য

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme